নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিএছকেৰ ব্ৰেণ্ড এম্বেছাডৰ কেটৰিনা কাঈফ : নতুন জাৰ্ছীও মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ কালি চেন্নাই ছুপাৰ কিংছ আৰু ইউ এ ইৰ ৰাষ্ট্ৰীয় বিমান সংস্থা ইটিহাড এয়াৰৱেজৰ সৈতে পৃষ্ঠপোষকতা চুক্তি স্বাক্ষৰিত হয়। লগতে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়ে। একে সময়তে এই চুক্তিৰ পিছত চেন্নাই ছুপাৰ কিংছৰ মূল পৃষ্ঠপোষক হ’ব ইটিহাড। অৰ্থাৎ আই পি এলত মহেন্দ্ৰ সিং ধোনী আৰু চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈৰ জাৰ্চীত দেখা যাব ইটিহাডৰ ল’গ’। ইয়াৰ পূৰ্বে চেন্নাইৰ কলাইৱনাৰ আৰংগমত ‘উন্মোচন কাৰ্যসূচী’ ঘোষণা কৰা হৈছিল। এই কাৰ্যসূচীত চেন্নাই ছুপাৰ কিংছ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰীয় বিমান সংস্থা ইটিহাড এয়াৰৱেজৰ মাজত পৃষ্ঠপোষকতা চুক্তি ঘোষণা কৰা হয়। এই সময়ত মুকেশ চৌধুৰী, ৰাজবৰ্ধন হাংগেকাৰ, দীপক চহৰ, সিমৰজীত সিঙৰ দৰে খেলুৱৈৰ লগতে চেন্নাই ছুপাৰ কিংছৰ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ উপৰি প্ৰায় ২ হাজাৰ অনুৰাগী এই অনুষ্ঠান উপস্থিত আছিল। একে সময়তে ইয়াৰ পিছত চেন্নাই ছুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে তেওঁৰ মতামত দাঙি ধৰে। তেওঁ কয় যে এই চুক্তি পৰম্পৰাগত পৃষ্ঠপোষকতাৰ সীমাৰ বাহিৰলৈ গৈছে। আমাৰ অনুৰাগীসকলৰ বাবে এক অসাধাৰণ অভিজ্ঞতা সৃষ্টি কৰা আৰু ক্ৰীড়া অংশীদাৰিত্বত নতুন মানদণ্ড নিৰ্ধাৰণ কৰাটোৱেই হৈছে। অৱশ্যে ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে চেন্নাই ছুপাৰ কিংছৰ নতুন জাৰ্চিৰ ফাৰ্ষ্ট লুক। ইয়াৰ উপৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে চেন্নাই ছুপাৰ কিংছৰ নতুন জাৰ্চিৰ ওপৰত মন্তব্য দি অহৰহ নিজৰ মতামত দি আছে।

You might also like