নিয়মীয়া বার্তা, মহুৰামুখ, ৪ মে’ : বোকাখাত বিধানসভা সমষ্টিত বিজয়ৰ ধ্বজ্জা উৰুৱাই পুনৰ সমষ্টিবাসীৰ সেৱাৰ দায়িত্ব লাভ কৰিলে অগপৰ সভাপতি তথা এন ডি এৰ মনোনীত প্ৰাৰ্থী অতুল বৰাই। ফলাফল ঘোষণাৰ পাছতেই বিজয় উল্লাসৰ মাজত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই বোকাখাতৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। একে সময়তে তেওঁ কংগ্ৰেছ আৰু বিৰোধী দলসমূহক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে।
বিজয়ৰ পাছতেই উৎফুল্লিত অতুল বৰাই কয় যে এই জয় কেৱল তেওঁৰ নহয়, বৰঞ্চ এয়া ড0 হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰে কৰা উন্নয়নমূলক কামৰ প্ৰতি জনসাধাৰণে দিয়া এক স্বীকৃতি। তেওঁ কয়- “অসমৰ জনতাই কাম বিচাৰে, ভাষণ নহয়। আমাৰ চৰকাৰে যোৱা দিনবোৰত যি জনহিতকৰ কাম কৰিছে, তাৰেই পুৰস্কাৰ আজি অসমৰ ৰাইজে আমাক দিলে।”
কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি অগপৰ সভাপতিগৰাকীয়ে কয় যে অসমৰ ৰাইজে কংগ্ৰেছৰ দিনৰ সেই পৰ্বতসম দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু প্ৰৱঞ্চনাৰ কথা আজিও পাহৰা নাই। “কংগ্ৰেছে দশক দশক ধৰি অসমক লুটি-পুতি খাইছিল। আজিৰ সচেতন জনতাই সেই ইতিহাস ভালদৰে জানে।”- বৰাই এইদৰে মন্তব্য কৰে।
আনহাতে, কংগ্ৰেছৰ ছত্ৰছায়াত বা তেওঁলোকৰ আদৰ্শৰে সৃষ্টি হোৱা নতুন ৰাজনৈতিক দলসমূহকো ৰাইজে উচিত শিক্ষা দিলে বুলি তেওঁ সোঁৱৰাই দিয়ে। তেওঁৰ মতে, বিৰোধীৰ অপপ্ৰচাৰক নেওচি ৰাইজে কেৱল উন্নয়নৰ পক্ষতহে ভোটদান কৰিলে।
বোকাখাতৰ ভোটাৰসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বৰাই কয়- “বোকাখাতবাসীৰ ওচৰত মই চিৰকৃতজ্ঞ। আপোনালোকে মোক যি মৰম আৰু আশীৰ্বাদ দিলে, তাৰ ধাৰ মই কোনোদিনে পৰিশোধ কৰিব নোৱাৰোঁ। অনাগত দিনত বোকাখাতক এটা আদৰ্শ সমষ্টি হিচাপে গঢ়ি তুলিবলৈ মই মোৰ সৰ্বস্ব উজাৰি দিম।”
বিজয়ৰ আনুষ্ঠানিক ঘোষণাৰ লগে লগে সমষ্টিটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সহস্ৰাধিক সমৰ্থকে অতুল বৰাক অভিনন্দন জ্ঞাপন কৰিবলৈ সমৱেত হয়।