নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিএছ গ্রুপৰ গুৱাহাটীৰ মুখ্য কার্যালয় ছীল মুম্বাই আৰক্ষীৰ

কৰ ফাঁকিৰে বহিঃৰাজ্যলৈ গুট্খা–পাণ মছলা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ  ধৰমপাল–সত্যপাল (ডি এছ) গ্রুপৰ গুৱাহাটীৰ বামুণীমৈদামস্থিত মুখ্য কার্যালয়ত বুধবাৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলায়৷ দিনৰ প্রায় ১ বজাৰ পৰা মহানগৰ আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ দলটোৱে ডি এছ গ্রুপৰ বামুণীমৈদামৰ কার্যালয়ত কেইবাঘণ্টা ধৰি অভিযান চলাই বহু সন্দেহজনক নথি–পত্র জব্দ কৰে৷

অভিযানৰ সময়ছোৱাত তদন্তৰ খাতিৰত ডি এছ গ্রুপত কর্মৰত কর্মচাৰীসকলক বাহিৰলৈ ওলোৱাত বাধা প্রদান কৰে অভিযানকাৰী দলটোৱে৷ কেইবাঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত অভিযানকাৰী দলটোৱে ডি এছ গ্রুপৰ মুখ্য কার্যালয়টো ছীল কৰি দিয়ে৷ মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডি এছ গ্রুপে গুৱাহাটীৰ পৰা অবৈধভাৱে গুট্খা, পাণ মছলা প্রস্তুত কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ লগতে বিক্রী কৰি আহিছে৷ অসমত প্রস্তুত কৰা গুট্খা, পাণ মছলা ডি এছ গ্রুপে অবৈধভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি বিক্রী কৰি অহাৰ বিৰুদ্ধে মহাৰাষ্ট্রৰ ছলাপুৰস্থিত এম আই ডি চি আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ ৩২৮/১৮৮/২৭২/২৭৩ আৰু খাদ্য সুৰক্ষা আইনৰ ২৬/(২)i), ২৬/(২)iv) ধাৰাৰ অধীনত ৮০২/২০২১ নম্বৰত এটা গোচৰ ৰুজু হৈছিল৷

উক্ত গোচৰটোৰ ভিত্তিতে আজি মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গুৱাহাটীৰ বামুণীমৈদামস্থিত ডি এছ গ্রুপত অভিযান চলাই নথিপত্র জব্দ কৰাৰ লগতে মুখ্য কার্যালয়টো ছীল কৰি দিয়ে৷ লক্ষণীয় যে ডি এছ গ্রুপে গুৱাহাটীত গুট্খা, পাণ মছলা প্রস্তুত কৰি কোটি কোটি টকাৰ কৰ ফাঁকিৰে বহিঃৰাজ্যলৈ সৰবৰাহ আৰু বিক্রী কৰি অহাৰ ন ন তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ অৱশ্যে অভিযানকাৰী দলটোৱে তদন্তৰ খাতিৰত অধিক তথ্য ৰাজহুৱা কৰা নাই৷

You might also like