নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ডাম্পাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত দুজনৰ মৃত্যু

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ ডিব্ৰুগড়ত আজি পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। চহৰখনৰ লালুকা গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘইপথত এখন দ্ৰুতবেগী ডাম্পাৰ (এএচ ০৬ বিচি ৪৭৩৩) আৰু এখন বাইকৰ (এএচ ০৬ এএ ৫৯৫৬) মুখামুখি খুন্দাত বাইক চালকজনৰ ঘটনাস্থলীতে নিহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আৰু কৰুণ আছিল যে ডাম্পাৰৰ খুন্দাত বাইক চালক তথা চহৰখনৰ নতুন গাঁৱৰ ভাস্কৰ দাসৰ মগজু বাহিৰ হৈ চিটিকি পৰিছিল। পাছত স্থানীয় ৰাইজে ডাম্পাৰখনৰ চালকজনক ধৰি আৰক্ষীক চমজাই দিয়ে বুলি জানিব পৰাৰ লগতে চালকজন সুৰামত্ত আছিল বুলিও গুৰুতৰ অভিযোগ উঠিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। আনহাতেদি আজি সন্ধিয়া ডিব্ৰুগড় চহৰৰ আমোলাপট্টি। চাৰিআলিৰ মেমবুজ ধাবাৰ সন্মুখত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like