নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাগুনৰ ধূলিয়ৰি বতাহে বিষাক্ত কৰিছে ৰাজ্যৰ বায়ুমণ্ডল

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ বিগত প্রায় পাঁচ মাহ ধৰি বৰষুণৰ অভাৱত বায়ুমণ্ডলত ধূলি–আৱর্জনাৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত দিনকদিনে প্রদূষণৰ মাত্রা ৰাজ্যজুৰি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বিশেষকৈ ফাগুনৰ ধূলিয়ৰি বতাহে ৰাজ্যৰ আকাশ বিষাক্ত কৰি তুলিছে৷ নিয়মীয়াভাৱে বায়ুমান সূচাংক (এ কিউ আই) বৃদ্ধি উদ্বেগজনক হৈ পৰিছে জনস্বাস্থ্যৰ বাবে৷ বিগত দুদিন ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে মহানগৰীত এ কিউ আয়ে ৩০০ৰ ঘৰ অতিক্রম কৰাৰ বাবে বায়ু প্রদূষণৰ মাত্রা শোচনীয় হোৱাটোকে বুজাইছে৷ প্রদূষণ নিয়ন্ত্রণ ব’ডৰ তথ্য অনুসৰি ২০ ফেব্রুৱাৰীত গুৱাহাটীত এ কিউ আই আছিল ৩১০৷ আনহাতে, ২১ ফেব্রুৱাৰীত এই পৰিমাণ আছিল ৩৪১৷ আজিও ৰাজ্যত এ কিউ আই ৩৪৬লৈ বৃদ্ধি পাইছে৷ কেৱল গুৱাহাটীয়েই নহয়, নগাঁও, নলবাৰী, শিৱসাগৰ, বঙাইগাঁৱকে ধৰি ভালেমান চহৰত বায়ু প্রদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ অত্যধিক ধূলিয়ে বায়ু প্রদূষণৰ মাত্রা ক্রমাৎ বৃদ্ধি কৰাৰ লগে লগে জনস্বাস্থ্যলৈও ভাবুকি কঢ়িয়াই আনিছে৷

বিশেষকৈ শিশুসকলে বিভিন্ন শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হোৱা পৰিলক্ষিত হৈছে৷ মহানগৰীতে বিগত ৪৮ ঘণ্টাত কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত ৫৪টা শিশু চিকিৎসাধীন কৰা হৈছে৷ হাস্পতালখনৰ কর্তৃপক্ষই সদৰী কৰা অনুসৰি সোমবাৰে পুৱা ৮ বজাৰ পৰা মঙলবাৰে পুৱা ৮ বজালৈ জি এম চি এইচত ৩৬টা শিশু ভর্তি কৰোৱা হৈছে৷ ইয়াৰে ২৫টা শিশুৱে শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত৷ আনহাতে, মঙলবাৰে পুনৰ হাস্পতালখনত ১৮টা শিশু ভর্তি কৰোৱা হৈছে৷ ইয়াৰে আঠটি শিশুৱে শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত৷ অৱশ্যে চিকিৎসাধীন হৈ থকা শিশুকেইটা সংকটমুক্ত বুলি জানিব পৰা গৈছে৷

কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি শিশুসকল বিগত দিনকেইটাত ব্রংকাইটিছ, নিউমনিয়া, হাপানী আদি ৰোগত আক্রান্ত হৈছে৷ তদুপৰি বহু শিশু চর্দি, কাহ, জ্বৰ আদিতো আক্রান্ত হৈ হাস্পতালত ভর্তি হ’বলগীয়া হৈছে৷ আক্রান্ত শিশুসকলৰ অধিকাংশই পাঁচ বছৰৰ অনূর্ধ্ব বুলি জানিব পৰা গৈছে৷ কেৱল শ্বাস–প্রশ্বাসজনিত ৰোগেই নহয়, বায়ু প্রদূষণে ছাল–চকু আদিৰ সমস্যাও বৃদ্ধি কৰিছে৷ চিকিৎসকে সদৰী কৰা অনুসৰি চকুত পানী কমি যোৱা অর্থাৎ চকু শুকান হৈ পৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ তদুপৰি চকু ফুলি উঠা, শৰীৰত এলার্জী হোৱা আদিৰ দৰে সংক্রামক ৰোগ ক্রমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বিশিষ্ট চিকিৎসক তথা নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱাই প্রকাশ কৰা অনুসৰি সম্প্রতি হাস্পতালখনত ৪০জনতকৈও অধিক শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত লোক চিকিৎসাধীন হৈ আছে৷ বিগত এসপ্তাহৰ ভিতৰত অস্ত্রোপচাৰ কৰিবলগীয়া ৰোগীৰ সংখ্যাতকৈ শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ এয়া যথেষ্ট চিন্তনীয় বুলি উল্লেখ কৰি তেওঁ শুকান বতৰৰ বাবে এনে হোৱা বুলিও মন্তব্য কৰে৷

জি এম চি এইচ অথবা নেমকেয়াৰেই নহয়, মহানগৰীৰ আন ব্যক্তিগত চিকিৎসালয়সমূহতো বহুসংখ্যক শিশু শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷ সেয়েহে বায়ু প্রদূষণৰ মাত্রা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যবাসীক সজাগ আৰু সাৱধানতামূলক উপায় অৱলম্বন কৰিবলৈ বিশেষজ্ঞ চিকিৎসকসকলে আহ্বান জনাইছে৷ মূলতঃ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাতে মাস্ক পৰিধান কৰা, পুষ্টিকৰ খাদ্য নিয়মীয়াভাৱে গ্রহণ কৰা, প্রচুৰ পানী সেৱন কৰা আদি পৰামর্শ আগবঢ়াইছে৷ সমান্তৰালভাৱে অত্যন্ত প্রয়োজনীয় নহ’লে শিশুসকলক ঘৰৰ বাহিৰলৈ উলিয়াই নানিবলৈও চিকিৎসকসকলে আহ্বান জনাইছে৷

You might also like