বিশেষ বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ তুৰ্কীৰ ভূমিকম্পৰ সংহাৰ চলি থকাৰ সময়তে আজি এক ভূমিকম্পই জোকাৰি যায় অসমক। প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাত অনুভূত হয় ভূমিকম্প। তথ্য অনুসৰি বিয়লি ৪:১৮ বজাত জোকাৰণি অনুভূত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.০ বুলি জুখিছে। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ তলত আছিল। কিন্তু ভূমিকম্পৰ ফলত হোৱা কোনো ধৰণৰ হতাহতি বা ক্ষতিৰ কোনো তথ্য পোৱা নাই।
Next Post
You might also like