নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ অসমৰ প্ৰখ্যাত অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱে আজি শেষ নিশ্বাস ত্যাগ কৰে গুৱাহাটীৰ এপলো হাস্পতালত। যোৱা ১৭ অক্টোবৰত অৰ্থনীতিবিদগৰাকীক ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগত চিকিৎসালয়খনত।

৯১ বছৰত শেষ নিশ্বাস ত্যাগ কৰা ড০ জয়ন্ত মাধৱ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল। আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ সুখ্যাতি অৰ্জন কৰা অৰ্থনীতিবিদগৰাকীয়ে দেশৰ বেংক খণ্ডৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে।

উদাহৰণস্বৰূপে ১৯৯৪ চনত তেওঁ চেকেন্দ্ৰাবাদত স্থাপন কৰিছিল ভাৰতৰ বিশ্বায়নোত্তৰ যুগৰ প্ৰথমটো বেংক গ্লোবেল ট্ৰাষ্ট বেংক। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ থকা অৰ্থনীতিবিদগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী চন্দনা মাধৱক এৰি থৈ গৈছে।

You might also like