নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই অক্টোবৰতে খুলিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলিৰ বাবে প্ৰস্তুত হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। আগন্তুক ২১ অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰ্যটকৰ বাবে মুকলি কৰিব এশিঙীয়া গঁড়ৰ বিচৰণথলী ৰাষ্ট্ৰীয় উদ্যানখন। সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি পুনৰ মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় উদ্যানখন ৷

কাজিৰঙা উদ্যান কৰ্তৃপক্ষই ৫ অক্টোবৰতে উদ্যানখন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও প্ৰলয়ংকৰী বানৰ বাবে ই সম্ভৱ হোৱা নাছিল। উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বহুখিনি কমি আহিছিল আৰু মাৰ্চ মাহৰ মাজভাগলৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।

You might also like