নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইজু’ছক ৯০০০ কোটি টকাৰ জৰিমনা ইডিৰ

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ বিদেশী পুঁজি আইন উলংঘা কৰাৰ অভিযোগত কেন্দ্রীয় তদন্তকাৰী সংস্থা এনফ’চমেণ্ট সঞ্চালকালয় (ইডি)–এ ৯ হাজাৰ কোটি টকা জৰিমনা বিহিছে বেংগালুৰুৰ লার্নিং এপ বাইজু’ছক৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ অৱশ্যে বেংগালুৰুৰ সংস্থাটোৱে এই সন্দর্ভত কোনোধৰণৰ জাননী পোৱাৰ কথা অস্বীকাৰ কৰিছে৷ ইডি সূত্রই দাবী কৰা অনুসৰি ২০১১ৰ পৰা ২০২৩ চনৰ ভিতৰত ২৮ হাজাৰ কোটি টকা প্রত্যক্ষ বিদেশী বিনিয়োগ নীতি বহির্ভূতভাৱে সংস্থাটোৱে লাভ কৰিছে৷

#বাৰ্তা ডেস্ক

You might also like