নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিলামত কাটাৰ বিশ্বকাপত পৰিহিত মেছিৰ জার্ছী

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ কাটাৰ বিশ্বকাপত মেছিয়ে পৰিধান কৰা জার্ছী ক্রয় কৰাৰ সুযোগ পাব অনুৰাগীয়ে৷ আর্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে ব্যৱহাৰ কৰা বিশ্বকাপৰ ৬টা জার্ছী নিলামত দিয়া হ’ব৷ বিশ্বৰ অন্যতম বৃহৎ ব্রকাৰ হাউছ ছোথেবিয়ে এই নিলাম পৰিচালনা কৰিব৷ তেওঁলোকৰ আশা নিলামৰ পৰা পোৱা যাব প্রায় ১০০ কোটি ডলাৰ৷ ইপিনে মেছিয়ে জনাইছে যে এই নিলামৰ পৰা পোৱা অর্থৰ এটা অংশ দিয়া হ’ব ইউনিকাছৰ প্রকল্পত৷ বার্চিলোনাৰ শিশু চিকিৎসালয়ৰ সৈতে দুৰাৰোগ্য ব্যাধিৰ চিকিৎসাত যৌথভাৱে কাম কৰে এই প্রতিষ্ঠানে৷ অহা ৩০ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰ পর্যন্ত চলিব এই নিলাম৷ একে সময়তে প্রদর্শনীৰ বাবে ৰখা হ’ব জার্ছীসমূহ৷

#বাৰ্তা ডেস্ক

You might also like