নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মা অসমৰে মুখ্যমন্ত্রী নহয়, উঃপূঃৰ এগৰাকী নেতা

✅হোটেল ভিভাণ্টা তাজত নর্থ ইষ্ট লাইভৰ বর্ষপূর্তি পালন
✅আইনা জীৱনৰৰো কেক কাটি ষষ্ঠ বৰ্ষপূৰ্তি পালন
✅ভিভাণ্টাত উত্তৰ-পূর্বাঞ্চল সন্মিলন-২০২৪

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ উত্তৰ-পূর্বাঞ্চলৰ অগ্রণী সংবাদ গোষ্ঠী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম সংযোজন ইংৰাজী আৰু হিন্দী নিউজ চেনেল নর্থ ইষ্ট লাইভে কালি ষষ্ঠ বর্ষপূর্তি পালন কৰে৷ চেনেলটোৱে উত্তৰ-পূর্বাঞ্চলৰ প্রতিখন ৰাজ্যৰ সমস্যা, গুৰুত্বপূর্ণ ঘটনাৱলী, সংস্কৃতি, সাহিত্য, সম্ভাৱনা সকলো ক্ষেত্রকে সামৰি বাতৰি পৰিৱেশনেৰে জন্মৰ কিছুদিনৰ ভিতৰতে দর্শকৰ হূদয় জুৰাবলৈ সক্ষম হৈছে৷ নিউজ চেনেলটোৰ ষষ্ঠ বর্ষপূর্তি উপলক্ষে গুৱাহাটীৰ ভিভাণ্টা হোটেলত আয়োজন কৰা উত্তৰ-পূর্বাঞ্চল সন্মিলন-২০২৪ত কেইবাগৰাকীও ৰাজনৈতিক আৰু সামাজিক ক্ষেত্রৰ অগ্রণী ব্যক্তিয়ে অংশগ্রহণ কৰি উত্তৰ-পূর্বাঞ্চলৰ উন্নয়ন তথা বিকাশৰ লগতে জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ বাবে গ্রহণ কৰিবলগীয়া পদক্ষেপ সন্দর্ভত মতামত ব্যক্ত কৰে৷ সন্মিলনখনৰ অংশ হিচাপে ‘মুখ্যমন্ত্রীৰ সৈতে বার্তালাপ’ শীর্ষক অনুষ্ঠানত ভাগ লয় নাগালেণ্ডৰ মুখ্যমন্ত্রী তথা খ্যাতনামা ৰাজনীতিবিদ নেফিউ ৰিঅ’ আৰু মেঘালয়ৰ যুৱ মুখ্যমন্ত্রী কনৰাড চাংমাই৷ নর্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাছবীৰ হুছেইনে পৰিচালনা কৰা অনুষ্ঠানটোত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ৱে নগা শান্তি চুক্তিকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত নিজৰ মতামত ব্যক্ত কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে গৌৰৱোজ্জ্বল বর্ষপূর্তি উপলক্ষে নর্থ ইষ্ট লাইভৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে নর্থ ইষ্ট লাইভ চেনেলে অঞ্চলটোৰ সমস্যাসমূহ জনমানসত তুলি ধৰিছে৷ চেনেলটোৱে উত্তৰ পূর্বাঞ্চলক একত্রিত কৰিছে৷ তেওঁ কয়– আমি অনুভৱ কৰোঁ যে নর্থ ইষ্ট লাইভ চেনেলটো আমাৰো৷ এইটো আমাৰ চেনেল৷ ই উত্তৰ-পূর্বাঞ্চলৰ এক অংশ৷ ইফালে, দীর্ঘদিনীয়া নগা শান্তি চুক্তিক লৈ চলি অহা বিবাদ সম্পর্কতো তেওঁ কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ বিশেষকৈ এখন সন্মানীয় গ্রহণযোগ্য আৰু সামগ্রিক নগা শান্তি চুক্তিৰ বাবে নাগালেণ্ড চৰকাৰে পদত্যাগ কৰিবলৈও সাজু বুলি ৰি’ই প্রকাশ কৰে৷ এই সন্দর্ভত তেওঁ কয়– সন্মানীয়, গ্রহণযোগ্য আৰু সামগ্রিকভাৱে নগা সমস্যা সমাধান কৰিলে এটা বিকল্প ব্যৱস্থাৰ বাবে আমি বাট মোকলাই দিম৷ বিকল্প ব্যৱস্থাৰ বাবে আমি পদত্যাগ কৰিবলৈও সাজু৷ যাৰ জৰিয়তে ৰাজ্যখনলৈ স্থায়ী শান্তি আহিব৷ এই কথা আমি নির্বাচনী ইস্তাহাৰত লিখিতভাৱে প্রকাশ কৰিছোঁ৷ কেৱল ময়েই নহয়, আমাৰ প্রতিজন নির্বাচিত প্রতিনিধিয়ে নগা সমস্যা সমাধানৰ বাবে পদত্যাগ কৰিবলৈও সাজু৷ এয়া দলৰ সিদ্ধান্ত, চৰকাৰৰ সিদ্ধান্ত৷ ইয়াক লৈ কোনো দ্বিতীয় চিন্তা নাই৷ ইয়াৰ বাবে আমি সাজু৷ তদুপৰি উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নৰ বাবে গ্রহণ কৰিবলগীয়া ব্যৱস্থা সন্দর্ভত মত প্রকাশ কৰি মুখ্যমন্ত্রী ৰিঅ’ই কয় যে উত্তৰ-পূর্বাঞ্চলত কেৱল নাগালেণ্ডৰেই নহয়, কেইবাখনো ৰাজ্য সন্ত্রাসবাদৰ সমস্যা আৰু নিজস্ব সমস্যাৰে জর্জৰিত৷ দীর্ঘদিন ধৰি তেওঁলোকৰ দলে এটা শ্লোগান দি আহিছে যে উন্নয়নৰ বাবে শান্তি আৰু শান্তিৰ বাবে উন্নয়ন৷ এই কথা তেওঁ দিল্লীকো কৈ আহিছে৷ কিয়নো এই অঞ্চলটোৰ লোকসকল দুখীয়া৷ তেওঁলোকৰ বাবে কোনো সুযোগ নাই৷ যাৰ বাবে তেওঁলোকে নিজৰ জীৱনৰ মূল্য নুবুজে৷ যেতিয়া এখন সমাজ ধনী আৰু উন্নত হয়, তেতিয়াহে নাগৰিকসকলে নিজৰ জীৱনৰ মূল্য বুজি পায়৷ নিজৰ জীৱনৰ মূল্য বুজি পালেহে তেওঁলোকে আনৰ জীৱনৰ মূল্য বুজিবলৈ আৰম্ভ কৰে৷ ইয়াৰ বাবে বিকাশ অতি প্রয়োজনীয়৷ স্থায়ী শান্তি অনাৰ বাবেও বিকাশ প্রয়োজন৷ ইফালে একেটা অনুষ্ঠানতে কেইবাটাও বিষয়ত আলোকপাত কৰি মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয় যে নাগৰিকসকলৰ বাবে কাম কৰা আৰু তেওঁলোকৰ জীৱনলৈ এক পৰিৱর্তন অনাটোৱেই তেওঁৰ জীৱনৰ আকাংক্ষা৷ বিভিন্ন সময়ত সংগীত পৰিৱেশনেৰে চর্চা লাভ কৰা মুখ্যমন্ত্রীগৰাকীয়ে সংগীত মানুহৰ সৈতে যোগাযোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰে নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– সংগীত এনে এটা বস্তু, যিটো মই চর্চা কৰি ভাল পাওঁ৷ প্রকৃতার্থত মানুহৰ সৈতে যোগাযোগৰ বাবে সংগীত মই চর্চা নকৰোঁ৷ কিন্তু আমাৰ দেশৰ অধিকাংশ লোক যুৱ প্রজন্মৰ৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চল আৰু মেঘালয়বাসীৰ সংগীতৰ প্রতি যথেষ্ট মৰম আছে৷ আমাৰ সংস্কৃতিৰ অংশ হৈছে সংগীত৷ আমাৰ জীৱনৰ এটা অংশ হৈছে সংগীত৷ যাৰ বাবে সংগীতে নিশ্চিতভাৱে যুৱপ্রজন্মৰ সৈতে এটা সংযোগ স্থাপন কৰে৷ মই সদায় মানুহক নিজৰ জীৱনত ভাল কাম কৰিবলৈ উৎসাহ যোগাই আহিছোঁ৷ যুৱপ্রজন্মই সংগীতৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে৷ নাগালেণ্ডে কেইবাদশক পূর্বেই সংগীতক এটা উদ্যোগ হিচাপে স্বীকৃতি দিছে৷ আমাৰ চৰকাৰে ৫ হাজাৰ সংগীত শিল্পীক সমর্থন কৰি আহিছে৷ আনহাতে, এটা বিখ্যাত ৰাজনৈতিক পৰিয়ালত জন্মগ্রহণ কৰাৰ বাবে এই ক্ষেত্রখনত আগবাঢ়ি যোৱাত সহায় হৈছে নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ নিজৰ জীৱনৰ কিছু অভিজ্ঞতা ব্যক্ত কৰে৷ বিশেষকৈ প্রথমবাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি তেওঁ পৰাজিত হ’বলগীয়া হোৱাৰ কথাও উল্লেখ কৰে৷ এই প্রসংগতে মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়– ২০০৪ চনত মই প্রথমবাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিলোঁ৷ সেই সময়ত মোৰ পিতৃ জীয়াই আছিল৷ নির্বাচনত মই পৰাজিত হোৱাৰ কাৰণ এটাই আছিল যে মই ভাবিছিলোঁ মই পি এ চাংমাৰ পুত্র৷ যাৰ বাবে মই জয়ী হোৱাটো নিশ্চিত৷ ইয়াৰ পাছত মই কিছু হতাশ হৈছিলোঁ যদিও পৰৱর্তী সময়ত মোৰ সমষ্টিৰ গাঁৱে গাঁৱে গৈ কাম কৰিবলৈ আৰম্ভ কৰোঁ৷ সেই পদক্ষেপে পৰিস্থিতি সলনি কৰিলে আৰু পৰৱর্তী নির্বাচনত মই জয়ী হ’লোঁ৷ কিন্তু পুনৰ মই পৰাজিত হ’লোঁ৷ পৰাজয়ৰ কাৰণ এয়ে যে মই ভাবিবলৈ লৈছিলোঁ বিধায়ক হিচাপে যথেষ্ট কাম কৰিলোঁ গতিকে জয় নিশ্চিত৷ সেইবাবেই মই ক’ব খোজোঁ যে ৰাজনীতিবিদৰ পৰিয়ালত জন্ম হোৱাৰ বাবে কিছুমান সুবিধা আছে৷ আপুনি এজন নেতাৰ নীতি-আদর্শৰ মাজেৰে ডাঙৰ-দীঘল হয়৷ যাৰ বাবে সেই ৰাজনীতিৰ নীতি আৰু সংস্কৃতি শিকাৰ সুযোগ লাভ কৰিব পাৰি৷ ৰাজনীতিবিদৰ পৰিয়ালৰ সম্পর্কই কৰা সহায় ক্ষন্তেকীয়া৷ আপুনি নিজৰ ব্যক্তিগত প্রচেষ্টা গ্রহণ কৰিবই লাগিব৷ নিজেই নিজক প্রমাণ কৰিব লাগিব৷ সমান্তৰালভাৱে উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন প্রত্যাহ্বান কিদৰে নেওচি বিকাশৰ পথত আগবঢ়াটো সম্ভৱ, সেই বিষয়েও মুখ্যমন্ত্রীগৰাকীয়ে নিজৰ বিশ্লেষণ আগবঢ়ায়৷ তেওঁ কয় যে প্রতিটো ক্ষেত্রতে প্রত্যাহ্বান আছে৷ প্রত্যেকখন ৰাজ্যৰ একক প্রত্যাহ্বান আছে৷ কিন্তু এই প্রত্যাহ্বানসমূহ নেওচি আগবাঢ়ি যাবলৈ মানসিকতা সলনি কৰাটো প্রয়োজন বুলি উল্লেখ কৰি চাংমায়ে কয়– উত্তৰ-পূর্বাঞ্চলবাসী প্রথমে এই কথা ক’বলৈ আৰম্ভ কৰিব লাগিব যে আমি সকলো কৰিব পাৰোঁ৷ আমি কৰিব নোৱাৰাৰ কোনো কাৰণ নাই৷ আমি কাৰো পিছত নহয় বুলি ভাবিবলৈ আৰম্ভ কৰিব লাগিব৷ সঠিক মানসিকতা আৰু সংকল্পৰে আমাৰ কঠিনতা আৰু প্রত্যাহ্বান জয় কৰাটো সম্ভৱ৷ উত্তৰ-পূর্বাঞ্চলত বিত্তীয় সমস্যাৰ লগতে ভৌগলিক বাধা আছে৷ কিন্তু এই সকলোবোৰ সমস্যা, সকলোবোৰ প্রত্যাহ্বান জয় কৰাটো সম্ভৱ৷ ই নির্ভৰ কৰে আমি কেনেদৰে আগবাঢ়োঁ৷ কিমান ধন আমি ব্যয় কৰোঁ সেইটো লক্ষণীয় নহয়৷ কিদৰে সেই ধন ব্যয় কৰিছোঁ, তাৰ ফলাফল কি, ইয়াক কেনেদৰে নিৰীক্ষণ কৰা হৈছে, সেয়াহে লক্ষণীয়৷ এই পদক্ষেপসমূহ গ্রহণ কৰিলে মই ভাবোঁ যে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ দেশৰ আন ৰাজ্যৰ সমতুল্য নোহোৱাৰ কাৰণ থাকিব নোৱাৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে দুয়োগৰাকী মুখ্যমন্ত্রীক নর্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাছবীৰ হুছেইনে চেলেং চাদৰ, ফুলৰ টোৰাৰে সম্বর্ধনা জনায়৷ ইয়াৰ পূর্বে নর্থ ইষ্ট লাইভ কনক্লেভ-২০২৪ত উত্তৰ-পূর্বাঞ্চলৰ ৰাজনীতি আৰু উন্নয়নক লৈ এখন বিশেষ আলোচনা-চক্র অনুষ্ঠিত হয়৷ নর্থ ইষ্ট লাইভৰ বার্তা সম্পাদক নৱাৰুণ গোস্বামী আৰু ডিজিটেল মিডিয়া হেড ঐনিতম ওজাই আঁত ধৰা অনুষ্ঠানটোত আলোচক ৰূপে উপস্থিত থাকে তিপ্রা মথাৰ প্রতিষ্ঠাপক প্রদ্যুৎ দেৱবার্মা, বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বড়ো, ৰাষ্ট্রদূত গৌতম মুখোপাধ্যায়, মেঘালয়ৰ যুৱ বিধায়ক মিয়ানী ডি চিৰা, নাগালেণ্ডৰ বিজেপি নেতা মমহনলুমো কিকন আৰু ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত৷ মূলতঃ উত্তৰ-পূর্বাঞ্চলৰ সাম্প্রতিক ৰাজনীতিৰ লগতে উন্নয়নৰ বিষয়ক সাঙুৰি অনুষ্ঠিত হোৱা আলোচনাত ৰাজনৈতিক ক্ষেত্রখনৰ কেইবাটাও দিশৰ ওপৰত আলোচকসকলে মন্তব্য আগবঢ়ায়৷ ত্রিপুৰাৰ জনপ্রিয় নেতা প্রদ্যুৎ দেৱবার্মাই উত্তৰ-পূর্বাঞ্চলক আগুৱাই নিয়াৰ স্বার্থত সকলোৱে একত্রিতভাৱে আগুৱাই যোৱাৰ পোষকতা কৰে৷ তেওঁ কয় যে উত্তৰ-পূর্বাঞ্চলৰ সমস্যাৰ ক্ষেত্রত সকলোৱে নির্দিষ্ট একেটা এজেণ্ডাক লৈ আগবাঢ়িব লাগিব৷ অকলশৰীয়াকৈ কোনো সমস্যাৰ সমাধান সম্ভৱ নহয় বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে৷ তেওঁ কয় যে পূর্বৰ কথা বেলেগ আছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবে এতিয়া এটা নতুন জাগৰণ সকলোফালে আৰম্ভ হ’বলৈ ধৰিছে৷ পূর্বতে দিল্লীৰ সৈতে উত্তৰ-পূর্বাঞ্চলৰ থকা দূৰত্ব এতিয়া কমি আহিছে৷ সহযোগিতা আগতকৈ বাঢ়িছে৷ নাগালেণ্ডৰ বিজেপি নেতা মমহনলুমো কিকনে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ লগতে উত্তৰ-পূর্বাঞ্চলৰ প্রতিখন ৰাজ্যৰ উন্নয়নৰ বাবে লোৱা প্রচেষ্টাৰ শলাগ লয়৷ তেওঁ কয় যে ড০ হিমন্ত বিশ্ব শর্মা কেৱল অসমৰে মুখ্যমন্ত্রী নহয়, গোটেই উত্তৰ-পূর্বাঞ্চলৰ বাবেই এগৰাকী নেতা৷ সমগ্র উত্তৰ-পূর্বাঞ্চলক একেলগ কৰি তেওঁ আগুৱাইছে৷ উত্তৰ-পূর্বাঞ্চলৰ ৰাজনীতিক ‘ৰামধেনু ৰাজনীতি’ আখ্যা দি অধ্যাপক ড০ ননীগোপাল মহন্তই কয় যে উত্তৰ-পূর্বাঞ্চলৰ ৰাজনীতিত বিভিন্ন সংস্কৃতিৰ মিলন ঘটিছে৷ উত্তৰ-পূর্বাঞ্চলৰ সক্রিয় ৰাজনৈতিক মঞ্চ নেডাৰ জৰিয়তে বহুখিনি পৰিৱর্তন অহাৰ লগতে উন্নয়নৰ গতিও বৃদ্ধি পাইছে৷ যাৰ বাবে দেশৰ অষ্টলক্ষ্মীত পৰিণত হৈছে উত্তৰ–পূর্বাঞ্চল৷ মেঘালয়ৰ বিধায়ক মিয়ানী ডি চিৰাই কনক্লেভত অংশ লৈ জনগোষ্ঠীয় সমস্যাবোৰ নেতৃত্বই নুবুজালৈকে কোনো কাৰণতে সমাধান নহয় বুলি কয়৷ উত্তৰ-পূর্বাঞ্চলৰ সমস্যা সমাধান কৰিবলৈ সকলোৱে ইজনে-সিজনক বুজি পাইহে একেলগে আগবাঢ়িব লাগিব৷ একক সম্প্রদায় হিচাপে কেতিয়াও একো কৰিব নোৱাৰি৷ পূর্বৰ তুলনাত এতিয়া নেতৃত্ব এই কাৰণেই সফল হৈছে কাৰণ ৰাইজৰ কথা নেতৃত্বই শুনিছে বুলি মন্তব্য কৰে যুৱ বিজেপি নেতা মমহনলুমো কিকনে৷ নেডাৰ বাবে এই সফলতা আহিছে৷ ৰাজনীতিৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন সন্দর্ভত মত ব্যক্ত কৰে ৰাষ্ট্রদূত গৌতম বন্দোপাধ্যায়ে৷ জৈৱ–বৈচিত্র্যত চহকী উত্তৰ-পূর্বাঞ্চল সাংস্কৃতিক ক্ষেত্রতো অত্যন্ত চহকী৷ এই বিষয়বোৰ ভালদৰে অনুধাৱন কৰি উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন কৰাটো সম্ভৱ৷ এইক্ষেত্রত সকলোৱে চিন্তা-চর্চাও কৰা প্রয়োজন৷ উল্লেখ্য যে আলোচনাৰ পাছতেই নাগালেণ্ডৰ জনপ্রিয় পর্যটন মন্ত্রী টেমজেন ইমনা আলঙৰ সৈতে এক অন্তৰংগ আলাপো অনুষ্ঠিত হয়৷ নর্থ ইষ্ট লাইভৰ এডিটৰ ইন চীফ ৱাছবিৰ হুছেইনে আঁত ধৰা অনুষ্ঠানটোত মন্ত্রীগৰাকীয়ে স্বভাৱসুলভ ৰসিকতাৰে জীপাল কৰি তোলে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ‘ছুপাৰ চিএম’ আখ্যা দি তেওঁ কয় যে ড০ হিমন্ত বিশ্ব শর্মাই দেশৰ ভিতৰত উত্তৰ-পূর্বাঞ্চলক ৰাজনৈতিক নেতৃত্ব দিছে৷ নগা সমস্যাৰ ওপৰতো তেওঁ মন্তব্য কৰি কয় যে দুয়োপক্ষৰ পৰা ভাল সঁহাৰি আহিলেহে সমস্যা সমাধান হ’ব, যিটো এতিয়া আহিবলৈ ধৰিছে৷ অনুষ্ঠানটোত উপস্থিত থাকি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই উপস্থিত অতিথিসকলক সম্বর্ধনাও জনায়৷

কেক কাটি ষষ্ঠ বর্ষপূর্তি উদযাপন ‘আইনা জীৱনৰ

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্তর্গত আগশাৰীৰ জীৱন শৈলীগত বার্তালোচনী ‘আইনা জীৱনৰ’ৰো কালি ষষ্ঠ বর্ষপূর্তি উদযাপন কৰা হয়৷ গুৱাহাটীৰ ভিভাণ্টা হোটেলত আয়োজিত এক অনুষ্ঠানত বার্তালোচনীখনৰ মুখ্য সম্পাদকসহ বিশিষ্ট অতিথিসকলৰ উপস্থিতিত কেক কাটি বর্ষপূর্তি উদ্যাপন কৰে৷ এই অনুষ্ঠানত অংশগ্রহণ কৰি বার্তালোচনীখনৰ মুখ্য সম্পাদক তথা অসম আৰক্ষীৰ এছটিএফৰ ডিআইজি পার্থসাৰথি মহন্তই ভাষণ প্রদান কৰে৷ বর্ষপূর্তি উদযাপন অনুষ্ঠানত ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, নর্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাছবিৰ হুছেইন, নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতা, ‘আইনা জীৱনৰ’ৰ কলা নির্দেশক কৃষ্ণা বৰুৱাসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like