নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিন্তাবিদ নিৰু হাজৰিকাৰ দর্শন

ড০ জয়ন্ত কৃষ্ণ শর্মা

উত্তৰ–পূর্বাঞ্চল, বিশেষকৈ অসমৰ সমাজ–প্রশাসন আৰু ৰাজনৈতিক জীৱনৰ ওপৰত গৱেষণামূলক অধ্যয়ন আৰু অধ্যাপনাৰে সুস্থ ৰাজনৈতিক চিন্তাৰ ধাৰা অব্যাহত ৰাখোঁতা ড০ নিৰু হাজৰিকা বাইদেউ আজি আমাৰ মাজত নাই৷ যোৱাকালি ভূতনাথ ধামত তেখেতৰ জ্বলন্ত চিতাৰ সন্মুখত থিয় হৈ অন্তিম বিদায় দিয়াৰ ক্ষণত বাৰে বাৰে হূদয়ত খুন্দিয়াইছিল তেখেতৰ বিশাল ব্যক্তিত্ব, কর্মৰাজি, চিন্তন আৰু দর্শনৰ বিশেষত্ববোৰে৷
অধ্যয়ন–ধ্যাপনা আৰু ছাত্র–ছাত্রীৰ সৈতে বার্তালাপৰ মাজতেই সৰলতাৰ উদ্দীপনাৰে চিৰজীৱন সম্পর্কিত ড০ নিৰু হাজৰিকা এগৰাকী আজন্ম গৱেষক৷ অসমৰ সমাজ জীৱনক প্রভাৱান্বিত কৰা প্রতিটো মূল বিষয়ত অন্তঃকৰণেৰে গভীৰতৰলৈ প্রৱেশ কৰি বিশ্লেষণ কৰাৰ জৰিয়তে সমাধান সূত্র উলিওৱাত তেখেত যত্নপৰ আছিল৷ ক’বলগীয়া কথা সৰলভাৱে কিন্তু স্পষ্টকৈ তেখেতে কৈছিল৷ উদাহৰণস্বৰূপে ২০১০ চনত প্রকাশিত তেখেতৰ গ্রন্থ‘Insurgency and Beyond’ৰ পাতনিতে তেখেতে কৈছে– ‘অসমৰ ‘বিদ্রোহ’ কেৱল ইয়াৰ দ্বাৰা সৃষ্ট বা উদ্ভূত সমস্যাসমূহত দৃষ্টি নিবদ্ধ কৰি কিন্তু ‘বিদ্রোহী’ক (যি মানুহ আৰু মানুহৰ পৰাই জন্ম লৈছে) আওকাণ কৰি সমাধান কৰা নাযায়৷’ তেখেতৰ দার্শনিক তত্ত্বৰ গভীৰতা মানৱীয় মহত্ত্বৰ মাজত লুকাই আছে৷ যিকোনো সমস্যাৰ সমাধানত মানৱীয় দিশৰ গুৰুত্ব বুজাবলৈ তেখেতে খুবেই যত্ন কৰা দেখা যায়৷ বিদ্রোহ, গণতন্ত্র, বিকেন্দ্রীকৰণ, স্বায়ত্ততা আদি অনেক ৰাজনৈতিক–র্থনৈতি বিষয়বোৰ অসমৰ প্রসংগত বুজিবলৈ তেখেতে নিৰলস প্রয়াস কৰিছিল আৰু পৰিৱর্তিত পৰিস্থিতিত সেইসমূহৰ ওপৰত নিজৰ অভিমত সবলভাৱে দাঙি ধৰিবলৈ সংকোচ কৰা নাছিল৷‘Insurgency and youth unrest in Assam’ শীর্ষক এক অধ্যয়ন প্রকল্পৰ অধীনত সেইবাবেই ড০ হাজৰিকাই অসমৰ বহু বিদ্রোহীৰ পৰিয়ালৰ সদস্যৰ সৈতে আন্তৰিক আলাপত মিলিত হৈ সমস্যাৰ গভীৰতালৈ সোমাবলৈ যত্নৱান হৈছিল৷ সেই অন্তৰংগতাৰ যাত্রাতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মাতৃৰ সৈতে হোৱা আলাপৰ প্রসংগ তেখেতে উল্লেখ কৰিছে৷ আলফা–ছালফা–স্বাধীন অসম–গুপ্তহত্যা–মান্ আদি অনেক বিষয়ত তেখেতৰ গৱেষণামূলৰ চিন্তনে বহুতৰে মনোজগতত আলোড়ন সৃষ্টি কৰিব পাৰিছিল৷
গণতন্ত্রক ব্যক্তিবিশেষে নিজৰ ব্যাখ্যা আৰু যুক্তিৰ পৰিসীমাৰ মাজত বান্ধি ৰাখি অগণতান্ত্রিক কার্যত লিপ্ত হোৱাৰ প্রৱণতাৰ বিৰুদ্ধে কলম তুলি লৈ ইয়াৰ বিৰুদ্ধে তেখেতে প্রশ্ণ কৰিছিল৷ এই বিষয়ত তেখেতে কৈছিল–‘The Experience in India makes one to think that concept of modern democracy is narrowed down to the process of voting only.’ গণতন্ত্রত নাগাৰিকক কেৱল ‘ভোটাৰ’লৈ পৰিৱর্তিত কৰা আৰু গণতান্ত্রিক ব্যৱস্থাৰ মাজত মানৱীয় প্রমূল্য আৰু মানৱীয় মর্যাদাৰ দিশসমূহ অৱহেলিত হোৱাত তেখেত উদ্বিগ্ণ আছিল৷
অসমৰ স্বায়ত্ততা বা স্বায়ত্তশাসনৰ এক সঠিক সমাধানৰ পথৰ সন্ধান আৰু বিশ্লেষণ তেখেতৰ পাথেয় আছিল৷ তেখেতৰ প্রায় তিনিশ পৃষ্ঠাজোৰা গ্রন্থ‘Ethnic Autonomy question in Northeast India : Search for an Answer’ত তেখেতে বহু অনুত্তৰিত প্রশ্ণৰ উত্থাপন কৰি উত্তৰৰ সন্ধান কৰিছে৷ গণতন্ত্রক তৃণমূল পর্যায়লৈকে শিপাবলৈ সুবিধা কৰিব পাৰিলে কেনেকৈ স্বায়ত্ততাৰ বহু প্রশ্ণৰ সমাধান সূত্র ওলাব পাৰে, তাৰো সন্ধান কৰিছে ড০ হাজৰিকাই৷ ইতিহাস আৰু সাম্প্রতিক সময়ৰ সমন্বয়েৰে বড়ো, দেউৰী, কার্বি, বিষ্ণুপ্রিয়া, মণিপুৰী, মিচিং, মৰাণ, ৰাভা, শৰণীয়া কছাৰী, তাই আহোম, ঠেঙাল কছাৰী আদি ছাত্র সংগঠনৰ অধ্যয়নেৰে এক পথৰ সন্ধান কৰাটোৱে তেখেতৰ চিন্তনৰ নতুনত্বকে প্রতিনিধিত্ব কৰে৷
ড০ নিৰু হাজৰিকা আছিল মোৰ শিক্ষাগুৰু৷ মোৰ গৱেষণা গুৰু৷ অসমৰ কল্যাণকামী প্রশাসনৰ ওপৰত তাকো অসমৰ মিচিং জনগোষ্ঠীৰ বিশেষ প্রসংগৰে মই যেতিয়া গৱেষণা কর্মত ব্রতী হৈছিলোঁ– বহুদিন বহু বিষয়ত তেখেতৰ লগত অন্তৰংগ আলাপত মিলিত হ’বলৈ সুযোগ পাইছিলোঁ৷ শ্রেণীকোঠাতো তেখেতৰ প্রত্যক্ষ ছাত্র হিচাপে জ্ঞানৰ গভীৰতাৰ উমান পদে পদে লাভ কৰিছিলোঁ৷ ড০ হাজৰিকা বাইদেউৰ জীৱন দর্শনৰ ব্যাপকতা বহু বিস্তৃত৷ তেখেতৰ অনেক গ্রন্থত এইসমূহ সিঁচৰতি হৈ আছে৷ নিজেই মহান অধ্যাপক ড০ ভি ভেংকটা ৰাওৰ ছাত্রী হিচাপে জীৱনত সৰলতা আৰু গান্ধীবাদী দর্শনৰ দ্বাৰা তেওঁ সদায় প্রভাৱান্বিত৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ কেইবাদশক কালৰ অধ্যাপনা, বিভাগীয় মুৰব্বী কলাগুৰু আৰু অন্যান্য বহু দায়িত্বৰ মাজত তেখেতে মানৱ প্রেমৰেই শিক্ষণ দি গৈছে৷ তেখেতৰ পাণ্ডিত্যৰ বিশালতাক এটা চমু নিবন্ধত সামৰাটো কোনোপধ্যে সম্ভৱ নহয়৷ তেখেত নিজেই এক গৱেষণাৰ বিষয়৷
২০১২ চনত আমি একেলগে স্পেইনৰ মাড্রিডত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় ৰাজনীতি বিজ্ঞান সংস্থাৰ অধিৱেশনত যোগদানৰ বাবে ভাৰতীয় দলৰ সৈতে গৈছিলোঁ৷ ৰাজনৈতিক সংস্কৃতি বিষয়ক আলোচনাত স্পেইনত তেখেতৰ পাণ্ডিত্যৰ চর্চা অন্য এক আলোচনাৰ বিষয়৷
ইমান পাণ্ডিত্যপূর্ণ ব্যক্তিত্ব হোৱা সত্ত্বেও সকলোৰে লগত আপোনত্ব আৰু সৰলতা আছিল তেখেতৰ বিশেষত্ব৷ তেখেতক আজি এই চমু লেখাৰেই আন্তৰিক শ্রদ্ধাঞ্জলি যাচিলোঁ৷

(ড০ জয়ন্ত কৃষ্ণ শর্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷ ফোন- ৯৪৩৫০–৮১৭১৪)

You might also like