নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আটক আশী বছৰীয়া বৃদ্ধ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : আশী বছৰীয়া বৃদ্ধ আৰু নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়। ছিটৰ তলত গাড়ীৰ বডী কাটি বেলেগকৈ চেম্বাৰ বনাই ড্ৰাগছ সৰবৰাহ এজন বৃদ্ধৰ। ড্ৰাগছ সৰবৰাহকাৰী বৃদ্ধৰ নাম নৰেন দত্ত। মণিপুৰৰ পৰা WB-52X-2363 নম্বৰৰ গাড়ী চলাই ড্ৰাগছ সৰবৰাহ কৰিছিল নৰেন দত্তই।

নাৰ্ক’টিক বিভাগে শিৱসাগৰৰ জাঁজীত নিশা প্ৰথমে জব্দ কৰে গাড়ীখন। ড্ৰাগছখিনি ফৰকাটিঙত দিয়াৰ কথা আছিল বাবেই গোলাঘাট জিলাৰ তেতেলীতলত গাড়ীৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছখিনি। 25টা চাবোনৰ বাকচত ভৰাই আনিছিল ড্ৰাগছখিনি। ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় 15-20 লাখ টকা হ’ব। নাৰ্ক’টিক বিভাগে নৰেন দত্তক নিজৰ জিম্মাত লৈছে।

উল্লেখ্য যে নুমলীগড়ৰ বাসিন্দা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বৃদ্ধ নৰেন দত্তক কিছুদিনৰ আগতে গোলাঘাট আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। জে’লৰ পৰা ওলায়ে পুনৰ আৰম্ভ কৰে ড্ৰাগছৰ ব্যৱসায়।

You might also like