বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : ৬ ফেব্ৰুৱাৰীৰ পৰা জামুগুৰিহাটত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন৷ যাৰ বাবে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে অধিৱশনথলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত৷
প্ৰতিখন উপ-সমিতি ব্যস্ত হৈ পৰাৰ লগতে তোৰণ উপ-সমিতিয়েও দিনে-নিশাই ব্যস্ত হৈ পৰিছে ১০৬ ফুট দীঘল আৰু ২৮ ফুট ওখ বিশাল মূল তোৰণভাগ নিৰ্মাণৰ কামত৷ শংকৰ সংঘৰ তেজপুৰ জিলা শাখাৰ এগৰাকী চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পী দ্বীপজ্যোতি তালুকদাৰৰ নক্সা তথা পৰিকল্পনাৰে নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি থকা মূল তোৰণভাগত গুৰুজনাৰ সৃষ্টিৰাজিসমূহৰ উপৰি জিলাখনৰ স্বকীয় ঐতিহ্য-পৰম্পৰা আদিবোৰ পৰিস্ফুট কৰাৰো চেষ্টা কৰিছে তোৰণ উপ-সমিতিয়ে ৷ লগতে অধিৱেশনভাগ উপলক্ষে মুঠ প্ৰায় ৩০খন তোৰণ দিয়াৰ ব্যৱস্থা কৰিছে নিৰ্মাণ উপ-সমিতিয়ে৷