সদ্যসমাপ্ত বিধানসভা নির্বাচনত শোচনীয় পৰাজয়ৰ পাছতে অসম প্রদেশ কংগ্রেছ কমিটীত ক্রমাৎ নিষ্ক্রিয় আৰু একাষৰীয়া হৈ পৰিছে জ্যেষ্ঠ নেতা তথা প্রাক্তন বিৰোধী দলপতি দেৱব্রত শইকীয়া৷
নির্বাচনত শোচনীয় পৰাজয়ৰ পাছত দলীয় ফলাফলক লৈ অনুষ্ঠিত তিনিখনকৈ পর্যালোচনা বৈঠকত অনুপস্থিতি আৰু অতি শেহতীয়াকৈ প্রদেশ কংগ্রেছে প্রকাশ কৰা নির্বাচনী পর্যালোচনা সমিতিৰ তালিকাত জ্যেষ্ঠ নেতা দেৱব্রত শইকীয়াই স্থান নোপোৱাৰ বিষয়টোৱে দলৰ ভিতৰচ’ৰাত প্রাক্তন বিৰোধী দলপতিগৰাকী একাষৰীয়া হোৱাৰ ইংগিতে বহন কৰিছে৷
উল্লেখ কৰিব পাৰি যে নির্বাচনী ফলাফলৰ পাছত ইতিমধ্যে প্রদেশ কংগ্রেছৰ তিনিখনকৈ পর্যালোচনা বৈঠক অনুষ্ঠিত হৈ গৈছে৷ কিন্তু ইয়াৰে এখন বৈঠকতো অংশগ্রহণ নকৰিলে দেৱব্রত শইকীয়াই৷ যোৱা ৯ মে’ত দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত অনুষ্ঠিত হৈছিল প্রদেশ কংগ্রেছৰ বিশেষ পর্যালোচনা বৈঠক৷
বিধানসভা নির্বাচনৰ ফলাফলক লৈ জিলা সভাপতি, উপ–সভাপতি আৰু দলীয় প্রার্থীসকলক লৈ এই পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল আৰু ইয়াত উপস্থিত আছিল প্রাক্তন দলীয় তত্ত্বাৱধায়ক জিতেন্দ্র সিং৷ কিন্তু এই বৈঠকত উপস্থিত নাথাকিল দেৱব্রত শইকীয়া৷ ৯ মে’ৰ পাছত ১১ মে’তো এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল, য’ত সভাপতিত্ব কৰিছিল প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে৷
ইয়াৰ পিছত ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছৰ আভ্যন্তৰীণ বিষয় চোৱাচিতা কৰা কোষ আৰু বিভাগসমূহৰ সৈতেও গৌৰৱ গগৈয়ে আলোচনাত মিলিত হৈছিল৷ কিন্তু এই বৈঠকতো উপস্থিত নাছিল দেৱব্রত শইকীয়া৷ আনহাতে বিধানসভাৰ বিৰোধী দলপতিৰ দায়িত্ব কাক দিব সেই লৈ হোৱা আলোচনা আৰু বৈঠকসমূহতো উপস্থিত নাই দেৱব্রত শইকীয়া৷
বৃহস্পতিবাৰে হৈ যোৱা এই বৈঠকত সকলো পৰাজিত প্রার্থী উপস্থিত থাকিলেও উপস্থিত নাথাকিল দেৱব্রত শইকীয়া৷ কেৱল ইমানেই নহয়, নির্বাচনৰ ফলাফলৰ জিলাভিত্তিক পর্যালোচনা কৰিবলৈ প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে যোৱা ২২ মে’ত ১০৫গৰাকী বিধায়ক, প্রাক্তন বিধায়ক আৰু বিষয়ববীয়াক পর্যবেক্ষকৰ দায়িত্ব দি এখন তালিকা প্রকাশ কৰিছিল, কিন্তু এই তালিকাতো নাম নাই দেৱব্রত শইকীয়াৰ৷
এনেদৰে দলৰ বহুকেইখন পর্যালোচনা বৈঠক তথা গুৰুত্বপূর্ণ সভাত দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্রাক্তন বিৰোধী দলপতিগৰাকী উপস্থিত নথকাটোৱে দলৰ ভিতৰচ’ৰাতেই নহয়, ৰাজ্যৰ ৰাজনীতিতো বিশেষ চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ গৌৰৱ গগৈৰ নেতৃত্বত অনুষ্ঠিত এই আটাইবোৰ সভাতে দেৱব্রত শইকীয়াৰ অনুপস্থিতিয়ে দুয়োগৰাকী নেতাৰ মাজত মতানৈক্য তথা মনোমালিন্য সৃষ্টি হৈছে নেকি বুলিও ৰাজ্যৰ ৰাজনীতিত বিশেষ চর্চা লাভ কৰিছে৷
উল্লেখ কৰিব পাৰি যে বিধানসভাৰ প্রাক্তন বিৰোধী দলপতিগৰাকী নাজিৰা বিধানসভা সমষ্টিত বিজেপিৰ ময়ূৰ বৰগোহাঁইৰ হাতত ৪৬,৭০১টা ভোটত পৰাজিত হৈছিল৷ নাজিৰাত পৰাজিত হোৱাৰ পিছতে দেৱব্রত শইকীয়া বিজেপিলৈ আহি নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ সম্ভাব্য প্রার্থী হিচাপে প্রক্ষেপিত হ’ব পাৰে বুলি চর্চিত হৈছে৷ অৱশ্যে এই কথা একেআষাৰেই নস্যাৎ কৰিছে জ্যেষ্ঠ কংগ্রেছ নেতাজনে৷
ডিজিটেল ডেস্ক, ২৫ মে’