নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনত চতুৰ্থবাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি

দেশত আজি পুনৰ এবাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। ২৫ মে’, ২০২৬ পুৱা ৬ বজাৰ পৰা পেট্ৰ’লৰ মূল্য ২ টকা ৬১ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ১০২ টকা ১২ পইচালৈ পৌঁছিছে। আনহাতে ডিজেলৰ মূল্য ২ টকা ৭১ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯৫ টকা ২০ পইচা হৈ পৰিছে।

সৰ্বাধিক গুৰুত্বপূৰ্ণ কথা হ’ল, বিগত ১০ দিনত পেট্ৰ’ল-ডিজেলৰ মূল্য এইটো চতুৰ্থবাৰৰ বাবে বৃদ্ধি পোৱা বুলি ধৰা হৈছে। ১৫ মে’ত প্ৰায় ৩ টকা, তাৰ পিছত ১৯ মে’ত প্ৰায় ৯০ পইচা, ২৩ মে’ত পুনৰ প্ৰায় ৯০ পইচা আৰু এতিয়া ২৫ মে’ত পুনৰ ২ টকা ৬১ পইচা বৃদ্ধি কৰা হৈছে।

মুঠতে বিগত ১০ দিনত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭ টকা ৩৫ পইচা আৰু ডিজেলৰ মূল্য ৭ টকা ৫৩ পইচাকৈ বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক, ২৫ মে’

You might also like