নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ প্রার্থী সুশান্তক আক্রমণ কুশল দুৱৰীৰ সমর্থকৰ

থাওৰা–আমগুৰিত নির্বাচনী হিংসা

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ অতি তীব্রতৰ হৈ পৰিছে শিৱসাগৰ জিলাৰ ১০৭নং থাওৰা বিধানসভা সমষ্টিত নির্বাচনী উত্তেজনা৷ দিনকদিনে বৃদ্ধি পাইছে নির্বাচনী হিংসা৷ কংগ্রেছ দলৰ প্রার্থী তথা সমর্থকক বিজেপি কর্মীয়ে আক্রমণ কৰাৰ ঘটনা বৃদ্ধি পাইছে৷ যোৱা দিনকেইটাত থাওৰাত দুটাকৈ ঘটনা সংঘটিত হৈ যোৱাৰ পাছত আজি থাওৰাৰ ৰাজমাইত এখন নির্বাচনী সভাত অংশগ্রহণ কৰাৰ সময়তে বিজেপিৰ এটা দহ–বাৰজনীয়া দলে কংগ্রেছ দলৰ প্রার্থী সুশান্ত বৰগোহাঁইক আক্রমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্রেছ দলৰ প্রার্থীজনে৷ ঘটনাৰ বিৱৰণী অনুসৰি থাওৰা সমষ্টিৰ ৰাজমাই চাহ বাগিচাৰ ৰাজন গাঁৱত নির্বাচনী সভাত ব্যস্ত আছিল সুশান্ত বৰগোহাই৷ এনে সময়তে হাতে হাতে চোকা অস্ত্র আৰু লাঠী লৈ বিজেপি কর্মীয়ে চোঁচা লোৱাৰ অভিযোগ তোলাৰ লগতে কুশল দুৱৰী জিন্দাবাদ, সুশান্ত বৰগোহঁাই মুর্দাবাদ আদি ধ্বনি দিয়ে৷ এই আক্রমণত কম–বেছি পৰিমাণে আহত হয় সুশান্ত বৰগোহাই আৰু দেহৰক্ষীগৰাকী৷ দলটোৱে সুশান্তৰ গাডীলৈ শিলাবর্ষণ কৰে৷ পৰিস্থিতি অধিক অৱনতি হোৱাৰ পূর্বে কংগ্রেছ প্রার্থী সুশান্ত বৰগোহাঁয়ে নির্বাচনী সভা ত্যাগ কৰি ডিমৌ থানাত উপস্থিত হয়হি৷ ডিমৌ থানাত সুশান্ত বৰগোহাঁয়ে বিজেপি কর্মীয়ে আক্রমণ কৰা সন্দর্ভত এখন এজাহাৰ দাখিল কৰে৷ কংগ্রেছ–বিজেপিৰ এই সংঘাতে বাতৰি লিখাৰ সময়লৈকে উত্তেজনাময় কৰি ৰাখিছে থাওৰা সমষ্টি৷ নির্বাচনলৈ মাজত মাত্র ছটা দিন থকাৰ সময়তে থাওৰাত এনেদৰে সংঘটিত হিংসাত্মক ঘটনাই থাওৰাৰ পৰিৱেশ অধিক তীব্রতৰ কৰি তুলিছে৷
আমগুৰি হাতীঘুলি দিখৌমুখত লণ্ডভণ্ড নির্বাচনী কার্যালয়
প্রথম পর্যায়ৰ নির্বাচনলৈ মাজত মাথোঁ পাঁচটা দিন বাকী৷ ৰাজনৈতিক দলসমূহে নির্বাচনী প্রচাৰ তুংগত তুলিছে৷ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিটোত আটাইকেইটা ৰাজনৈতিক দলে নির্বাচনী প্রচাৰ চলাই থকাৰ মাজতে কালি নিশা সমষ্টিটোৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তর্গত জাঁজী মৰাণছিগা গাঁৱত হাতীঘুলি মণ্ডল কংগ্রেছ আৰু দিখৌমুখ থেকেৰা তলত অগপ–বিজেপি মিত্রজেজাটৰ কার্যালয়ত দুর্বৃত্তই তাণ্ডৱ চলাই বিস্তৰ ক্ষতি কৰে৷ প্রাপ্ত খবৰ মতে, সমষ্টিটোৰ মহাজোঁটৰ কংগ্রেছ প্রাথী অংকিতা দত্তই কালি জাঁজী মৰাণছিগা গাঁৱত হাতীঘুলি মণ্ডল কংগ্রেছৰ কার্যালয়টো উদ্বোধন কৰিছিল৷ কিন্তু নিশালৈ দুর্বৃত্তই তাণ্ডৱ চলাই বেনাৰ, পোষ্টাৰ আদি ফালি লণ্ডভণ্ড কৰে৷ আনহাতে, দিখৌমুখৰ কাৱৈমাৰী পঞ্চায়ত পৰিষদৰ থেকেৰা তলত কালি অগপ–বিজেপি মিত্রজেজাটৰ কার্যালয়টো স্থাপন কৰিছিল৷ নিশালৈ দুর্বৃত্তই উক্ত কার্যালয়টোত প্রদীপ হাজৰিকাৰ ফটো সম্বলিত পোষ্টাৰ–বেনাৰ আদিৰ লগতে কলপুলি আদি উভালি লণ্ডভণ্ড কৰি পেলায়৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত এনে হিংসাত্মক কার্যকলাপত কংগ্রেছ, অগপ, বিজেপি কর্মীসকলৰ লগতে সচেতন ৰাইজে তীব্র ভাষাৰে গৰিহণা দিছে৷

You might also like