নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ ইলিগেণ্ট ইনষ্টিটিউট-বিক্ৰম ছাৰাভাই ছায়েঞ্চ একাডেমিৰ সাফল্য

নিয়মীয়া বাৰ্তা, ৯ মে’ : নগৰবেৰাৰ দুখনকৈ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ক্ৰমে ইলিগেণ্ট ইনষ্টিটিউট আৰু বিক্ৰম ছাৰাভাই ছায়েঞ্চ একাডেমি। আজি ঘোষণা কৰা উঃ মাঃ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ইলিগেণ্ট ইনষ্টিটিউটৰ এশ শতাংশ সফলতা প্ৰাপ্তিৰ উপৰি প্ৰথম বিভাগত ১১৩গৰাকী, ২য় বিভাগত ৬১গৰাকী আৰু ৩য় বিভাগত ৮গৰাকী উত্তীৰ্ণ হয়, ১৯গৰাকীয়ে ষ্টাৰ, ৩গৰাকীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰে। বিজ্ঞান শাখাত যুগস্মিতা কলিতাই সৰ্বোচ্চ ৯৩.৬০% শতকৰা নম্বৰ লাভ কৰে। একেদৰে বিক্ৰম ছাৰাভাই ছায়েঞ্চ একাডেমিৰ ১ম বিভাগত ৬০গৰাকী, দ্বিতীয় বিভাগত ৬২গৰাকী আৰু তৃতীয় বিভাগত ৮গৰাকী, দুগৰাকী ডিষ্টিংচন, ১২গৰাকীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয়। উত্তীৰ্ণৰ শতকৰা হাৰ ৯৯%, বিজ্ঞান শাখাত আশ্ৰাফুল হকে ৯১.৪৫% শতকৰা সৰ্বোচ্চ নম্বৰ লাভ কৰে। দুয়োখন শিক্ষানুষ্ঠানতেই আজিৰ ফলাফলক লৈ উচৱমুখৰ পৰিবেশ বিৰাজ কৰে আৰু নগৰবেৰা বজাৰৰ মাজেৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলক সন্মুখত লৈ শোভাযাত্ৰা উলিওৱা হয়। আনহাতে নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় আৰু নগৰবেৰা উঃ মাঃ বিদ্যালয়তো পূৰ্বতকৈ যথেষ্ট উন্নত ফলাফল।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like