নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ২৯ খন জিলাৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ কাইলৈ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ব অৰুণোদয় আঁচনিৰ। বিটিচি অঞ্চলক বাদ দি ৰাজ্যৰ ২৯ খন জিলাৰ হিতাধিকাৰীৰ একাউণ্টত অহা কাইলৈৰ পৰা সোমাব অৰুণোদয় আঁচনিৰ ধন। আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে মেছেজযোগে এই সুবিধা লাভ কৰাৰ বাবে নিৰ্বাচিত হোৱা ১৮ লাখ হিতাধিকাৰীৰ ফোনলৈ এই খবৰ গৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডৰ পৰা অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব।

ইপিনে অৰুণোদয় আঁচনিৰ বাবে এটা কল চেণ্টাৰ থাকিব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল হিতাধিকাৰীৰ একাউণ্টত কিবা কাৰণত এই ধন জমা নহয়, তেওঁলোকে ফোন কৰি সেই কল চেণ্টাৰক জনাব পাৰিব।

যদি কোনো চৰকাৰী চাকৰিয়াল থকা পৰিয়ালত যদি অৰুণোদয় আঁচনি লয়, তেন্তে সিমান টকা তেওঁৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত মন্ত্ৰী ড০ শৰ্মাই কয়- “ডিচেম্বৰত হিতাধিকাৰীয়ে দুবাৰ ধন পাব। ১ তাৰিখে আমি যি ধন দিম সেয়া নৱেম্বৰ মাহৰ। ডিচেম্বৰৰ ধন ২৬ তাৰিখে লাভ কৰিব। তাৰ পাছত প্ৰতি মাহৰ শেষৰ সপ্তাহত তেওঁলোকে ৮৩০ টকাকৈ পাই থাকিব।”

উল্লেখ্য যে অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হোৱা ১৮ লাখ হিতাধিকাৰীয়ে প্ৰতি মাহৰ শেষত ৮৩০ টকাকৈ লাভ কৰিব।

You might also like