নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : কিয় ভোটাৰৰ পছন্দ মোদী?

মানৱ ডেকা

বিধায়ক, লখিমপুৰ

ৰাজনীতিত প্ৰতিদ্বন্দ্বী দল বা নেতাৰ শক্তি আৰু সামৰ্থক অগ্ৰাহ্য কৰাটো ৰাজনৈতিক কৌশলৰ এটা অংশ। তাৰ বাবেই নিৰ্বাচন কাষ চাপি অহাৰ সময়ত কংগ্ৰেছকে আদি কৰি বিৰোধী দলবোৰে যেতিয়া নৰেন্দ্ৰ মোদী অথবা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ‘এজেণ্ডা’ক সকলোফালৰ পৰা নস্যাত কৰিবলৈ চেষ্টা কৰে তাত আচৰিত হ’বলগীয়া নাই। এটা সময় আছিল যেতিয়া কংগ্ৰেছ দলে উন্নয়নৰ নামত ‘শূন্য’ উপহাৰ দিওঁ, নিৰ্বাচনৰ প্ৰতিশ্ৰুতি এটাও পালন নকৰা কৈ দেশ শাসন কৰি যাব পাৰিছিল। কাৰণ তেতিয়া ভোটাৰে জনপ্ৰতিনিধিক জবাবদিবি কৰাৰ সুযোগ কম আছিল। দেশৰ সিংহভাগ লোক নিৰক্ষৰতাৰ আন্ধাৰত ডুব গৈ আছিল। তথ্য পাবলৈ ইণ্টাৰনেট নাছিল, দেশৰতো বাদেই ৰাজ্যৰ এটা চুকত কি চলি আছে ভালদৰে আনটো চুকত জনাৰ উপায় নাছিল। পিছে ২০১৪ চনৰ পৰা আৰম্ভ হোৱা কাৰিকৰী আৰু ডিজিটেল বিপ্লৱে এনেকুৱা পৰিৱেশৰ সুচনা কৰিলে যে চৰকাৰৰ কোনটো টকা কেনেকৈ ক’ত খৰচ হ’ল হাতৰ মোবাইলটো টিপিয়েই সকলো গম পাব পাৰি। আজি বিশ্বৰ ভিতৰতে সবাতোকৈ সস্তা ভাৰতৰ মোবাইল ডাটা, গাঁৱৰ ভিতৰুৱা কোণৰ খেতিয়কজনেও ব্যৱহাৰ কৰিব পাৰে এই 5G ডাটা। এতিয়া তথ্য-প্ৰযুক্তিৰ এই সোণালী যুগত মোদী-হিমন্তই ৰাইজক আভুৱা-ভাঁৰি ভোট লয় বুলি বিৰোধীয়ে যেতিয়াই কান্দিবলৈ আৰম্ভ কৰে তেতিয়াই ভোটাৰে ব্যংগৰে হাঁহিবলৈ আৰম্ভ কৰে। ২০১৪, ২০১৯ৰ পিছত আকৌ এবাৰ ১০০ কোটি ভাৰতীয় ভোটাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে বাচনি কৰিব। কাৰণ মোদীয়ে ভোট দিয়াৰ কাৰণ সৃষ্টি কৰিব পাৰিছে। ‘বিশ্বগুৰু’ প্ৰধানমন্ত্ৰীক কিয় ভোট দিব লাগে তাৰ এশ এটা কাৰণ আছে কিন্তু আজি ৭০ বছৰে দেশ শাসন কৰা কংগ্ৰেছক দিব খুজিছো মাত্ৰ ৪টা কাৰণ, চাৰিটা বিপ্লৱ যি বিপ্লৱে চিৰদিনৰ বাবে সলাই পেলালে এই মহান আৰু বিশাল দেশক।

১) প্ৰযুক্তিৰ বিপ্লৱঃ কোনোবাই কল্পনা কৰিব পাৰিছিল নে যে এদিন একেবাৰে ভিতৰুৱা, সীমান্তৰ গাঁও এখন দোকানলৈ যাব, ২০০ টকাৰ বস্তু কিনিব, গুগল পে কৰিব, বিনিময়ত গাঁৱৰ দোকানী আইতাগৰাকীয়ে থেংক ইউ, গুড বাই ক’ব। নগদ ধনৰ প্ৰয়োজনেই নাই। গুগল পে, ফোন পেক লগত লৈ ইউ পি আইৰ এই মহান যাত্ৰাত আপুনি মই সকলো এনেধৰণৰ ইতিবাচক ঘটনাৰ সাক্ষী। আজি একবিংশ শতিতাই উপহাৰ দিয়া প্ৰযুক্তি বিজেপি চৰকাৰে কেইখনমান চহৰত আবদ্ধ ৰখা নাই,ভাৰতৰ প্ৰতিটো চুকত বিয়পাই দিছে। অথচ কংগ্ৰেছে কি কৰিছিল! সেই সময়ৰ সবাতোকৈ উন্নত বস্তুবোৰ-লেণ্ডফোন, এল পি জি চিলিণ্ডাৰ কেৱল চহৰ আৰু অভিজাত বৰ্গত আবদ্ধ ৰাখিছিল। মই দৃঢ়তাৰে কওঁ আজি যে গুগুল পে, ফোন পে, 5G গাঁৱে গাঁৱে এইদৰে ইমান সুলভকৈ উপলব্ধ হৈছে তাত প্ৰযুক্তিতকৈ বেছি প্ৰধানমন্ত্ৰীৰ মোদীৰ সবকা চাথ সবকা বিকাশৰ অৰিহণা আছে। আজি বিশ্বৰ সবাতোকৈ সস্তা ডাটা উপহাৰ দিয়াৰ বাবে গাঁৱৰ মহিলাইও অনলাইনযোগে নিজৰ সামগ্ৰী বিক্ৰী কৰিব পৰা হৈছে। ব্যক্তিস্বাৰ্থ জড়িত সীমিত কেইজনমান বিৰোধী নেতাক বাদ দি প্ৰযুক্তিৰ এই বিপ্লৱ ১০০ কোটি ভোটাৰে হৃদয়ৰে অনুভৱ কৰিছে, তাৰ বাবেই আকৌ এবাৰ মোদী চৰকাৰ।

২) আন্তঃগাঁথনিৰ বিপ্লৱঃ খলা-বমা ৰাস্তাৰ বাবে এসময়ত পৰিচিত এই ভাৰততে আজি এনেকুৱা ৩০টা ৰাষ্ট্ৰীয় ঘাইপথ আছে য’ত ব’য়িং বিমান নমাব পাৰি। বিমান বন্দৰৰ দৰে ব্যৱহাৰ কৰিব পাৰি। হেলিকপ্টাৰ নমাব পৰাকৈ আছে ৬৫০টা ৰাষ্ট্ৰীয় ঘাইপথ। মুম্বাইলৈ গ’লে অসমৰ কংগ্ৰেছ নেতাসকলক পৰামৰ্শ দিছো যাতে ২২ কিলোমিটাৰৰ সাগৰৰ দলংখন চাবলৈ নাপাহৰে। অৰুণাচলৰ চীন সীমান্তৰ পৰা গাড়ী চলাই একেই পকী পথেৰে আজি ধুবুৰীৰ গাঁৱত প্ৰৱেশ কৰিব পাৰি। ২০১৬ চনলৈকে শাসন কৰা কংগ্ৰেছৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ অসমত যিমান বহল আছিল তাতকৈ বহল আজি আমি অসম মালাত কৰা পথসমূহ। কংগ্ৰেছৰ বিয়াগোম নেতাই নিজৰ সমষ্টিত কৰিব নোৱাৰা পথবোৰ, দলংবোৰ আমি আজি বাচি বাচি পকীকৰণ কৰিছো। বৰাকৰ সেই ককাল ভঙা পথ মনত আছেনে। মোৰ নিজৰ সমষ্টি লখিমপুৰৰ পৰা গুৱাহাটীলৈ যোৱা পথ কোনে পাহৰিব। আজি যুদ্ধকালীন তত্পৰতাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আন্তঃগাঁথনিক ‘পৰৱৰ্তী পৰ্যায়’লৈ যোৱাৰ আন্দোলন আৰম্ভ কৰিছে। তাৰ বাবেই বিৰোধীয়ে এই বিপ্লৱক অস্বীকাৰ কৰিলেও ভোটাৰৰ বাবে বাচনি সহজ হৈ আছে একেবাৰ।, প্ৰধানমন্ত্ৰী মোদী আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই আন্তঃগাঁথনিৰ বিপ্লৱৰ বাবে ভোটাৰে নিজে নিজে কৰিব ন্যায়,নিজেই বাছনি কৰিব মোদী আৰু পদুমক।

৩) সামাজিক ন্যায়ৰ বিপ্লৱঃ কংগ্ৰেছে স্বাধীনতাৰ ৭০ বছৰে মানুহৰ ভাৰতীয় পৰিচয় গুচাই ধৰ্ম, জাত-পাতৰ নামত বিভক্ত কৰি এক জটিল, অন্ধকাৰ সামাজিক ব্যৱস্থাক চলাই গৈছিল। ২০১৪ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে মোদীয়ে ঘোষণা কৰিলে সবকা সাথ সবকা বিকাশ ।আৰু সেয়া কেৱল শ্ল’গান হৈ নাথাকিল। সেয়া হৈ উঠিল এক সামাজিক ন্যায়ৰ বিপ্লৱ। যোৱা ডিচেম্বৰত তিনি ৰাজ্যৰ নিৰ্বাচনত বিজয়ৰ পিছত প্ৰধানমন্ত্ৰীয়ে গৰ্বৰে ঘোষণা কৰিলে—ভাৰতৰ চাৰিটাই জাতি দৰিদ্ৰ, খেতিয়ক, যুৱক আৰু মহিলা। যোৱা ১০বছৰে ধৰ্ম, জাতিৰ পৰিধি ভাঙি এই চাৰিটা শ্ৰেণীৰ কল্যাণৰ বাবেই কাম কৰি গৈছে মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই বিপ্লৱৰ লগত খোজ মিলাই মাত্ৰ আঢ়ৈটা বছৰতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আৰম্ভ কৰিছে সামাজিক ন্যায়ৰ এক অভূতপূৰ্ব আন্দোলন। আজি কংগ্ৰেছৰ বিয়াগোম নেতাই কিয় স্বাধীনতাৰ ৭০ বছৰে গৰজি উঠিব পৰা নাছিল- মই থকালৈকে কোনো মুছলমান নাবালিকাৰ বিবাহ হ’বলৈ নিদিও। স্বাধীনতাৰ ৭০ বছৰে কিয় চলা নাছিল বাল্য বিবাহৰ বিৰুদ্ধে অভিযান, তিনি তালাকৰ বিৰুদ্ধে অভিযান, বহু বিবাহৰ বিৰুদ্ধে অভিযান। মোদী চৰকাৰে মহিলা সৱলীকৰণৰ বাবে কাহানিও নেদেখা যি বিপ্লৱ আৰম্ভ কৰিছিল তাক আজি নতুন স্তৰলৈ নিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰতিগৰাকী মহিলা চৰকাৰে প্ৰদান কৰা এই মৰ্যাদাৰ বাবে কৃতজ্ঞ, তাৰ বাবেই আকৌ এবাৰ মোদী চৰকাৰ।

৪) গৰ্বিত ভাৰতৰ বিপ্লৱঃ আজি যেতিয়াই বিশ্ব সংকটত পৰে তেতিয়াই সকলোবোৰ দেশে প্ৰধানমন্ত্ৰীৰ মাগদৰ্শনলৈ অপেক্ষা কৰে, সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি হওক বা আমেৰিকাৰ প্ৰতিদ্বন্দ্বী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেই হওক। বিশ্ববাসীৰ দৃষ্টিত আজি ভাৰত দুৰ্নীতি, বংশবাদৰ ৰাজনীতিত লিপ্ত দেশ নহয়, আজি ভাৰত সকলোকে সহায় কৰিব পৰা আৰু ৰঙাচকু দেখুওৱাব বিচৰাসকলক প্ৰত্যুত্তৰ দিব পৰা দেশ। প্ৰধানমন্ত্ৰীক ইছলামবিৰোধী সজাবলৈ যড়যন্ত্ৰৰ অভাৱ নাই অথচ সংযুক্ত আৰব আমীৰ দৰে ৰাষ্ট্ৰই আমাৰ প্রধানমন্ত্ৰীক যাচিচে সৰ্বোচ্চ সন্মান, আবু ধাবীত নিৰ্মাণ হৈছে বিশাল হিন্দু মন্দিৰ। প্ৰধানমন্ত্ৰী মোদী যেতিয়া দেশ এখনলৈ যায় বিমান বন্দৰত স্বাগতম জনাবলৈ ৰৈ থাকে সেই দেশৰ সকলোবোৰ নেতা। আজি ভাৰতে কাটাৰৰ পৰা মৃত্যুদণ্ডৰে দণ্ডিত ভাৰতীয় অনায়াসে ঘূৰাই আনিব পাৰিছে। এয়া কেৱল প্ৰধানমন্ত্ৰীৰ সন্মান নহয়, প্ৰতিজন ভাৰতীয়ৰ সন্মান। আজি ভাৰত, আমেৰিকাৰ ইচাৰত চলা, পাকিস্তানৰ লগত ভয়কৈ ভয়কৈ চলা, ভূটানৰ পৰাও উগ্ৰপন্থী খেদিব নোৱাৰা দেশ নহয়। ভাৰত আজি প্ৰতিজন ভাৰতীয়ক গৰ্বিত কৰিব পৰা দেশ, তাৰ খনিকৰ প্ৰধানমন্ত্ৰী মোদী আৰু তাৰ বাবেই আকৌ এবাৰ মোদী চৰকাৰ।

ফোনঃ ৯৮৫৪০-২২২২৩

You might also like