বঙাইগাঁও জিলাৰ ধনতোলাৰ নানকাৰগাঁৱত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। প্ৰায় ৪৪ বিঘা মাটিত চলায় এই উচ্ছেদ অভিযান। ৪০ বছৰ ধৰি মাটি ক্ৰয় কৰি বসবাস কৰি আছিল লোকসকলে।
কিন্তু মাটিৰ গৰাকীয়ে উক্ত ৪৪ বিঘা মাটিৰ বাবে আদালতত গোচৰ ৰুজু কৰে। বসবাস কৰি থকা ব্যক্তিজনে ওলোটাকৈ গোচৰ ৰুজু কৰে যদিও কোনো ধৰণৰ সুফল নাপালে। এই ৪৪ বিঘা মাটিত ২৯ ঘৰ পৰিয়ালে বসবাস কৰি আহিছে।
পূৰ্বতে প্ৰশাসনে বসবাস কৰি থকা লোকসকলক ভূমি এৰি যাবলৈ জাননী জাৰি কৰাত অধিগ্ৰহণ কৰি থকা লোকসকলে নিজে নিজে বাসগৃহসমূহ ভাঙিবলৈ আৰম্ভ কৰাত প্ৰশাসনে উচ্ছেদ অভিযান বন্ধ কৰে, কিন্তু তাৰ পিছত আকৌ ভূমি দখলকাৰীসকলে পূৰ্বৰ স্থানতে বসবাস কৰিবলৈ লয়।
যাৰ বাবেই আজি পুনৰ যুদ্ধকালীনভাৱে উচ্ছেদ অভিযান চলায়।
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ