দীপাংকৰ নাথৰ কৃতিত্বই দৰং জিলাৰ যোগাসন ক্রীড়াৰ ক্ষেত্ৰখনক উজ্জীৱীত কৰাৰ লগতে ওপজা গাও বৰদৌলগুৰি (কঁকাইতোলা )লৈও সুনাম কঢ়িয়াই আনিছে। অসমৰ যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি হীৰেন সৰকাৰ আৰু সম্পাদক নলিন নাথেও শুভেচ্ছা জনাইছে দীপাংকৰ নাথক।
আনহাতে, দৰং জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি মধুসূদন ভট্টাচাৰ্য আৰু সম্পাদিকা হিমাদ্ৰিতা বৰুৱায়ো অভিনন্দন আৰু শুভেচ্ছা জনাইছে দীপাংকৰ নাথক। ইফালে, নৱপ্ৰজন্মক যোগাসন কৰি নিজৰ শৰীৰটো সুস্থ কৰি ৰখাৰ লগতে বিভিন্ন ক্ৰীড়াৰ লগত জড়িত হবলৈ আহ্বান জনাইছে যোগাসন সম্ৰাট দীপাংকৰ নাথে।