নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ সম্পন্ন

🔹 বেদখলকাৰীৰ কবলৰ পৰা মুকলি ৫,৯৬২ বিঘা বনভূমি

বিশেষ বার্তা, ১ ডিচেম্বৰ : নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্রৰ অন্তর্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলত পৰহিৰে পৰা নগাঁও জিলা প্রশাসনে চলোৱা বৃহৎ উচ্ছেদ কালি সম্পূর্ণ হয়৷ বনাঞ্চলখনৰ ৫,৯৬২ বিঘা ভূমি দীর্ঘদিন ধৰি এক বিশেষ সম্প্রদায়ৰ লোকে অবৈধভাৱে দখল কৰি বসবাস কৰি আছিল৷ বনাঞ্চলখনৰ কান্দাপাৰা, চানখোলা, মাজগাঁও, বেদেৰিপাৰ, জুৰিৰপাৰ আৰু নিম বাগান আদি অঞ্চলত বেদখল হৈ থকা ভূমি প্রশাসনে মুক্ত কৰে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নির্দেশৰ ভিত্তিত জিলা প্রশাসনে এই উচ্ছেদ অভিযান চলায়৷ উল্লেখ্য যে জিলা প্রশাসনৰ নির্দেশ পোৱাৰ পিছত ৭০ শতাংশতকৈ অধিক লোকে নিজৰ ঘৰ ভাঙি নির্ধাৰিত সময়ৰ আগতে খালী কৰি দিয়ে৷ কালি উচ্ছেদ সম্পন্ন কৰাৰ পিছত বন বিভাগে এই বেদখলীকৃত ভূমি নিজৰ নিয়ন্ত্রণলৈ আনে৷ জিলা আয়ুক্ত দেৱাশিস শর্মাই এই উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰী লোকসকলে শান্তিপূর্ণভাৱে সহযোগিতা কৰাত ধন্যবাদ জনায়৷

বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে কয় যে এই বনাঞ্চল হাতী–মানুহৰ সংঘাতপূৰ্ণ অঞ্চল হিচাপে পৰিচিত৷ এই অঞ্চল পুনৰ বনাঞ্চল হিচাপে গঢ়ি তোলা হ’ব৷ স্থানীয় এক সূত্রই জনোৱা মতে, বান–খহনীয়াত সর্বস্বান্ত এই লোকসকলে এই বনাঞ্চলত বসবাস কৰি আহিছিল৷ এই লোকসকলে কৰা অভিযোগ অনুসৰি তেওঁলোকক কংগ্রেছে সংস্থাপনৰ কোনো ব্যৱস্থা নকৰিলে৷ যাৰ বাবে এই লোকসকলে দুর্ভোগ ভুগিব লগা হৈছে৷ স্বৰূপার্থত এই বেদখলীকৃত ভূমি সম্পূর্ণ বেদখলমুক্ত হৈছে যদিও ন্যায়ালয়ৰ ৰায়ৰ বাবে শতাধিক পৰিয়াল উচ্ছেদ হোৱা নাই৷ অৱশ্যে শীঘ্রে এই লোকসকলক উচ্ছেদ কৰিব বুলি বন বিভাগে জানিবলৈ দিয়ে৷ তামোল বাগান ভাঙি দিয়াৰ সময়ত এজন লোকৰ মূৰত তামোল গছ পৰি আহত হয় বুলিও জানিব পৰা গৈছে৷ নগাঁও জিলা প্রশাসনে বনাঞ্চলখনৰ বেদখলীকৃত ভূমিত উচ্ছেদ অভিযান চলোৱাত স্থানীয় ৰাইজৰ লগতে দল–সংগঠনে অসমক চৰকাৰক ধন্যবাদ জনাইছে৷

You might also like