Ditwah ঘূৰ্ণিৰ তাণ্ডৱ : বায়ুসেনাৰ বিমানেৰে ২০০ৰো অধিক ভাৰতীয় নাগৰিকক উদ্ধাৰ
শ্ৰীলংকাত ঘূৰ্ণিবতাহ Ditwah-ৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ধুমুহা, মুষলধাৰে বৰষুণ আৰু ভূমিস্খলনৰ জটিল অৱস্থাই দ্বীপ ৰাষ্ট্ৰখনৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত কৰি পেলাইছে। এনে পৰিস্থিতিত শ্ৰীলংকাত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্বদেশলৈ ঘূৰাই আনি থোৱাৰ বাবে ভাৰত চৰকাৰে উদ্ধাৰ অভিযান জোৰদাৰ কৰিছে।
দেওবাৰে ভাৰতীয় বায়ুসেনাই শ্ৰীলংকাত আবদ্ধ ২০০ৰো অধিক ভাৰতীয় নাগৰিকক বিশেষ উৰণৰ মাধ্যমেৰে কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ স্থানান্তৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জনোৱা মতে, কলম্বোৰ পৰা উৰা মৰা বিমানখন নিশা তিৰুৱনন্তপুৰমত অৱতৰণ কৰে।
প্ৰতিৰক্ষাৰ মুখপাত্ৰই জনায় যে আই এ এফৰ আই এল–৭৬ আৰু চি–১৩০ জে হেভি লিফ্ট কেৰিয়াৰসমূহ উদ্ধাৰকাৰী দল, এনডিআৰএফৰ দল আৰু সাহায্য সামগ্ৰী প্ৰেৰণৰ লগতে, পুনৰ সংবেদনশীল অঞ্চলসমূহৰ পৰা আবদ্ধ যাত্ৰী উদ্ধাৰ কৰাৰো ব্যৱহাৰ কৰা হৈছে।
শ্ৰীলংকাত হোৱা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ পিছত অপাৰেশ্যন সাগৰবন্ধুৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাই নিয়মীয়া ধৰণে মানৱীয় সাহায্য আৰু দুৰ্যোগ সহায় আগবঢ়াই আহিছে।
বায়ুসেনাৰ হেলিকপ্টাৰে একাধিক অভিযান চলাই শ্ৰীলংকা সেনাৰ ৫৭জন জোৱানক ডায়াথালাৱা আৰ্মী কেম্প আৰু কলম্বোৰ পৰা কোটমালেলৈ স্থানান্তৰ কৰা হৈছে— যিটো ভূমিস্খলনৰ ফলত সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে।
বিশেষ কমাণ্ডো দলৰে সৈতে বায়ুসেনাই হাইব্ৰিড উদ্ধাৰ অভিযান চলাইছে। আবদ্ধ অঞ্চলসমূহলৈ হেলিকপ্টাৰ প্ৰেৰণ কৰি নাগৰিক উদ্ধাৰ কৰা হৈছে। ইয়াৰেই অংশ হিচাপে ভাৰতীয়, বিদেশী আৰু শ্ৰীলংকাৰ নাগৰিক মিলাই মুঠ ৫৫গৰাকী লোকক ইতিমধ্যে কলম্বোলৈ স্থানান্তৰ কৰা হৈছে। ২খন হেলিকপ্টাৰে ২৪ ঘণ্টাই অভিযান অব্যাহত ৰাখিছে, আৰু পৰিৱেশ উন্নত নোহোৱা পৰ্যন্ত উদ্ধাৰকাৰ্য চলি থাকিব বুলি অনুমান কৰা হৈছে।
ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ