নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ–জাতিৰ বাবে সমর্পিত মনোভাবেৰে কাম কৰাৰ আহ্বান

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ নির্বাচনৰ প্রাক্ক্ষণত সোমবাৰে বিজেপিত যোগ দিলে সদৌ অসম ছাত্র সন্থা (আছু)ৰ কেইবাগৰাকীও সদস্যই৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত এক যোগদান অনুষ্ঠানত ছাত্র সন্থাৰ প্রাক্তন উপ–সভাপতি প্রদীপ দাস, প্রাক্তন সহঃ সাধাৰণ সম্পাদক ৰাহুল দাস, প্রাক্তন মুখ্য সাংগঠনিক সম্পাদক মহম্মদ ইনামূল হক, প্রাক্তন সাংগঠনিক সম্পাদকদ্বয় বিজয় বৰুৱা, হিমান বর্মন, প্রাক্তন কার্যবাহী সদস্য প্রশান্ত নাথৰ লগতে আন কেইবাজনো সদস্যই দলটোত যোগদান কৰে৷ সভাপতি ৰঞ্জিত দাসে আছুৰ প্রাক্তন সদস্যসকলক আদৰণি জনাই দেশ তথা জাতিৰ বাবে সমর্পিত মনোভাবেৰে কাম কৰি যাবলৈ আহ্বান জনায়৷ তেওঁ কয়– নির্বাচনক লৈ এতিয়া বিজেপি সম্পূর্ণৰূপে সাজু৷ দলৰ সাংগঠনিক কাম ইতিমধ্যে সম্পূর্ণ হৈছে৷ কেৱল পৰিয়াল সম্পর্ক অভিযান কার্যসূচী অব্যাহত আছে৷ ৪ লাখ পৃষ্ঠাপ্রমুখক পৰিয়াল সম্পর্ক অভিযানৰ দায়িত্ব প্রদান কৰা হৈছে আৰু এই কার্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰৰ যি সফলতা, তাক ৰাইজৰ ওচৰত দাঙি ধৰা হৈছে৷ আজিৰ অনুষ্ঠানতে ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র ‘অসমীয়া বিজেপি বার্তা’ৰ ৫১সংখ্যক সংস্কৰণো উন্মোচন কৰা হয়৷ অনুষ্ঠানত ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জন শর্মা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা আৰু কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷

You might also like