নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ প্ৰাক্তন বিধায়ক নজৰুল ইছলামৰ পৰলোক

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাটৰ প্ৰাক্তন বিধায়ক ডাঃ নজৰুল ইছলামৰ বিয়োগ। গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ডাঃ নজৰুল ইছলামে। উল্লেখ্য যে ডাঃ নজৰুল ইছলাম একেৰাহে ৫বাৰকৈ লাহৰীঘাটৰ পৰা নিৰ্বাচিত হৈ কংগ্ৰেছ চৰকাৰৰ দিনত কেইবাটাও বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে লাহৰীঘাটৰ পৰা ডাঃ নজৰুল ইছলাম কংগ্ৰেছৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু ৫বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল। তিনিটা কাৰ্যকাল কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰেৰক আবুল কালাম

You might also like