নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাবি-ধমকিৰে বাহুমাছ কাঢ়ি নিলে তিতাবৰৰ উপ-পৌৰপতিয়ে : ক্ষুব্ধ ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : তিতাবৰ পৌৰসভাৰ উপ পৌৰপতি ডাম্বৰু শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তিতাবৰৰ এগৰাকী মৎস্য ব্যৱসায়ীয়ে। যোৱা ৩১ ডিচেম্বৰত উপ পৌৰপতিগৰাকীয়ে তিতাবৰ ৰেল ক্ৰছিঙৰ ওচৰত প্ৰাঞ্জল দাস নামৰ যুৱকজনৰ মাছৰ দোকানৰ পৰা ডাবি ধমকি দি এটা তিনি কেজি ওজনৰ বাহু মাছ লৈ যায়। দোকানৰ কৰ্মচাৰীয়ে মাছৰ পইচা বিচৰাত শইকীয়াই দোকান ভাঙি দিম পুলিচত দি সুমুৱাই দিম আদি হুমুকি প্ৰদান কৰে বুলি প্ৰাঞ্জল দাসে অভিযোগ উত্থাপন কৰিছে। এই ঘটনাৰ পাছত পৌৰসভাৰ ভিতৰচৰাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে, এগৰাকী ৱাৰ্ড সদস্যই উপ পৌৰপতিগৰাকীৰ এনে কাৰ্যৰ বাবে ভৰ্ৎসনা কৰাৰ কথা ফাদিল হৈছে। আনহাতে প্ৰাঞ্জল দাস এগৰাকী বিজেপি কৰ্মী। দলৰ বাবে বহু কষ্ট স্বীকাৰ কৰা আৰু মাছৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া যুৱক। উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত মানসিকভাৱে কিছু আঘাত পাই সমস্ত ঘটনা অৱগত কৰি মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত পৌৰ নিৰ্বাচন জয়ী হৈ তিতাবৰ পৌৰসভাৰ উপ পৌৰপতি আসন লাভ কৰা ডাম্বৰু শইকীয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰিছে। বিগত সময়চোৱাত তিতাবৰ পৌৰসভাৰ কাম কাজৰ ওপৰত বহু সমালোচনা হৈছিল, নিবিদা নিদিয়াকৈ ৫৬ লাখ টকাৰ কাম কমিছনৰ অংকত গোপনে ঠিকাদাৰক প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল এই ক্ষেত্ৰত পৌৰপতিৰ লগতে উপ পৌৰপতি গৰাকীৰো নাম সাঙুৰ খাইছিল। মাছ ব্যৱসায়ীৰ পৰা ডাবি-ধমকি দি মাছ উঠাই নিয়া কাৰ্যৰ বাবে দলীয় কাৰ্যালয়ত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছিল। ইতিমধ্যে প্ৰাঞ্জল দাস নামৰ মাছ ব্যৱসায় কৰা যুৱকজনে মুখ্যমন্ত্ৰীৰ লগতে বিষয়টো বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছালৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে। সমগ্র ঘটনাই তিতাবৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক ইউচুফ আলী

You might also like