নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপঞ্চায়তত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ কিষাণ মর্চাৰ

‘এমএছপি নিশ্চিতি আইন লাগিবই’

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ কৃষকৰ উত্থাপিত দাবীসমূহ সমাধান নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণাৰ পাছতো কৃষক সংগঠনসমূহৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই যেতিয়ালৈকে কৃষকে দাবী কৰা সমস্যাসমূহৰ সঠিক সমাধানৰ পথ মুকলি নহয়, তেতিয়ালৈকে আন্দোলন চলি থাকিব বুলি সোমবাৰে লক্ষ্ণৌত অনুষ্ঠিত মহাপঞ্চায়তত সংযুক্ত কিষাণ মর্চাই হুংকাৰ দিয়ে৷ দেশৰ ৪০তকৈ অধিক কৃষক সংগঠনৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই তিনি কৃষি আইন বাতিলৰ দাবীত দেশজুৰি চলি থকা আন্দোলনৰ ধাৰাটো অব্যাহত ৰাখি আজি লক্ষ্ণৌত কিষাণ মহাপঞ্চায়ত আয়োজন কৰে৷ উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ ইক’ গার্ডেনত কেইবাসহস্র প্রতিবাদী কৃষকে অংশ লৈ কেন্দ্রীয় চৰকাৰক সকীয়াই দিয়ে৷ তিনি কৃষি আইন প্রত্যাহাৰৰ আনুষ্ঠানিকতা সম্পূর্ণ নোহোৱালৈকে কৃষকে প্রতিবাদী কার্যসূচী অব্যাহত ৰাখিব বুলি কেন্দ্রক হুংকাৰ দি কৃষক সংগঠনসমূহে শস্যৰ নূ্যনতম সমর্থন মূল্য, চমুকৈ এম এছ পি নিশ্চিত কৰাৰ আইনৰো দাবী জনায়৷

লক্ষ্ণৌৰ মহাপঞ্চায়ততে এম এছ পি নিশ্চিত কৰা আইনৰ লগতে উত্তৰ প্রদেশৰ লখিমপুৰৰ খেৰিৰ হিংসাত্মক কার্যত সাঙোৰ খোৱা কেন্দ্রীয় মন্ত্রী অজয় মিশ্র তেনিৰ পদত্যাগৰো দাবী জনায় সংযুক্ত কিষাণ মর্চাই৷ উল্লেখ্য যে লখিমপুৰৰ খেৰিৰ হিংসাত্মক কার্যত কেন্দ্রীয় মন্ত্রী অজয় মিশ্রৰ পুত্র জড়িত আছিল৷ প্রধানমন্ত্রী মোদীয়ে তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণা কৰিলেও সংযুক্ত কিষাণ মর্চাই ইতিপূর্বে নির্ধাৰিত কৰা সকলো প্রতিবাদী কার্যসূচী ৰূপায়ণ হ’ব বুলি মহাপঞ্চায়তৰ পৰা গর্জন দিয়ে৷ মহাপঞ্চায়তত অংশগ্রহণ কৰা ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতে যেতিয়ালৈকে চৰকাৰে কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত নহয়, তেতিয়ালৈকে কৃষকসকল ঘৰলৈ উভতি নাযায়৷ অর্থাৎ আলোচনাত বহিলেহে কৃষকসকল নিজৰ ঘৰলৈ উভতি যাব৷ তাৎপর্যপূর্ণ যে প্রধানমন্ত্রী মোদীয়ে প্রত্যাহাৰৰ ঘোষণা কৰি প্রতিবাদী কৃষকক ঘৰলৈ উভতি যাবলৈ আহ্বান জনাইছিল৷ এই আহ্বানক নস্যাৎ কৰি কৃষক নেতা ৰাকেশ টিকাইতে চৰকাৰে তেওঁলোকৰ লগত আলোচনাত বহিলেহে কৃষকসকল প্রতিবাদস্থলী এৰিব বুলি স্পষ্ট কৰি দিয়ে৷

নিজৰ দাবী সমাধান নোহোৱালৈকে আন্দোলনৰ অটল স্থিতিত থকা কৃষক নেতা টিকাইতে কয় যে তিনি কৃষি আইনৰ উপৰি কৃষকৰ অনেক বিষয়ক লৈ দাবী আছে৷ ইয়াৰ ভিতৰত এম এছ পি নিশ্চিত আইন, বীজ বিধেয়ক আৰু দুগ্ধ নীতি, বিদ্যুৎ সংশোধনী বিধেয়ক খচৰা ২০২০/২০২১, আন্দোলনকাৰী কৃষকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্রত্যাহাৰ কৰা আদি এতিয়াও সমাধান হ’বলৈ বাকী আছে৷ গতিকে এই বিষয়কেইটাৰ সু–মীমাংসা নোহোৱালৈকে আন্দোলনকাৰী কৃষক ঘৰলৈ উভতি নাযায়৷ উল্লেখ্য যে অহা ২৬ নৱেম্বৰত কৃষকৰ আন্দোলন দিল্লী সীমান্তত আৰম্ভ হোৱাৰ প্রথম বার্ষিকী হিচাপে উক্ত দিনা সকলো প্রতিবাদস্থলীতে কৃষক বিক্ষোভ হ’ব, ঠিক তেনেদৰে ২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশনৰ প্রতিদিনাই ৫০০ ট্রেক্টৰৰ সমদল উলিয়াব প্রতিবাদী কৃষকে৷

You might also like