বৰপেটাৰোডৰ বৰ্মনপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ প্ৰহাৰত মৃত্যু হয় পিতৃৰ। মৃত পিতৃক ঘৰৰ ভিতৰতে তলা মাৰি থৈ পলায়ন কৰে নৰাধম পুত্ৰই। পিতৃ হত্যাকাৰী পলাতক পুত্ৰৰ নাম প্ৰীতম সান্যাল । মৃত ব্যক্তিজনৰ নাম পুতুল সান্যাল ।
মৃত পুতুল সান্যালৰ কন্যাই জানোৱা মতে, পিতৃৰ সৈতে বিয়লি কাজিয়া হৈছিল হত্যাকাৰী পুত্ৰৰ। তাৰ পিছতে পুত্ৰৰ প্ৰহাৰত পিতৃৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে মাতৃ অসুস্থ হৈ পৰে।
ইপিনে, বৃদ্ধ লোকজনক এনেদৰে বাহিৰৰ পৰা তলা মাৰি থৈ যোৱা কথাক লৈ ওচৰ চুবুৰীয়া লোক উদ্বিগ্ন হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে লোকজনক উদ্ধাৰৰ বাবে বৰপেটা মেডিকেল কলেজত উপস্থিত হৈ চিকিৎসাধীন মাতৃৰ সৈতে থকা পুত্ৰ-কন্যাক বিচাৰি যায় যদিও পুত্ৰক বিচাৰি নাপালে।
আৰক্ষীয়ে লোকজনৰ কন্যাক লগত লৈ আহি ঘৰৰ তলা খুলি বিছনাত শুৱাই থোৱা অৱস্থাত তেজে তুমৰলি অৱস্থাত পিতৃৰ মৃতদেহ উদ্ধাৰ কৰে। সম্প্ৰতি হত্যাত অভিযুক্ত প্ৰীতম সান্যাল পলাতক যদিও লোকজনৰ কন্যাক আটক কৰি সোধা-পোছা চলাই আছে। আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান চলাই থকাৰ লগতে পলাতক প্ৰীতম সান্যালৰ সন্ধান চলাই আছে।