নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২.১৫ কোটি টন চাউল ৰপ্তানিৰে বিশ্বৰ শীর্ষত ভাৰত

নিউজ ডেস্ক, ১২ জানুৱাৰী : কৃষিয়ে ভাৰতীয় অর্থনীতিত বিশেষ স্থান লাভ কৰাই নহয়, শেহতীয়াকৈ চাউল উৎপাদনৰ ক্ষেত্রত অভিলেখ স্থাপন কৰি চাউল ৰপ্তানিৰ ক্ষেত্রতো অভিলেখ গঢ়িছে ভাৰতে৷ বাছমতিয়েই হওক বা উখোৱা চাউলেই হওক, যোৱা বছৰটোত বিশ্বৰ বিভিন্ন প্রান্তলৈ অভিলেখ পৰিমাণৰ চাউল ৰপ্তানি কৰিছে ভাৰতে৷ কিছুদিন পূর্বে বিশ্বৰ আটাইতকৈ বেছি চাউল উৎপাদনকাৰী দেশৰ মর্যাদা লাভ কৰিছিল ভাৰতে৷ এইবাৰ বিশ্বৰ চাউল ৰপ্তানিৰ ক্ষেত্রতো শীর্ষস্থান বজাই ৰাখিবলৈ সক্ষম হৈছে দেশখনে৷

উল্লেখ্য যে যোৱা বছৰটোত বাংলাদেশলৈ চাউল ৰপ্তানিৰ পৰিমাণো বৃদ্ধি পায়৷ এগৰাকী চৰকাৰী বিষয়াই সংবাদ প্রতিষ্ঠানক জানিবলৈ দিয়া মতে, বিশ্বত যিমান পৰিমাণৰ চাউল ৰপ্তানি হয় তাৰ ১৯.৪ শতাংশ যায় ভাৰতৰ পৰা৷ ৰপ্তানিৰ তালিকাত ভাৰতৰ পিছতে আছে তিনিখন দেশ ক্রমে থাইলেণ্ড, ভিয়েটনাম আৰু পাকিস্তান৷ পিছে এই তিনিওখন দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণো ভাৰতে কৰা মুঠ ৰপ্তানিৰ পৰিমাণতকৈ বহুখিনি কম৷

বিষয়াগৰাকীয়ে কয় যে যোৱা বছৰটোত ২ কোটি ১৫ লাখ টন চাউল বিদেশলৈ পঠিওৱা হয়৷ বাছমতি চাউলৰ ৰপ্তানি বাঢ়িছে ৭ শতাংশ৷ আনহাতে, উখোৱা চাউলৰ ৰপ্তানিৰ পৰিমাণ আৰু অধিক৷ ভাৰতে ২৫ শতাংশ (১ কোটি টনৰ বেছি) উখোৱা চাউল ৰপ্তানি কৰে৷ বিষয়াগৰাকীয়ে দাবী কৰে যে দামৰ পার্থক্যৰ বাবে চাউল ৰপ্তানিৰ ক্ষেত্রত ভাৰতে শীর্ষস্থানত আৰোহণ কৰিব পাৰিছে৷ ভাৰতে ন্যূনতম দামত বিশ্বৰ বজাৰলৈ চাউল ৰপ্তানি কৰে৷ কম দামত দিয়া বাবেই ‘দৰিদ্র’ দেশসমূহৰ ওচৰত এই চাউল সহজলভ্য হৈ পৰিছে৷ যোৱা বছৰটোত বাংলাদেশ, বেনিন, কেমেৰুন, আইভৰিকোষ্টলৈ উখোৱা চাউলৰ ৰপ্তানি বৃদ্ধি পায়৷ কেৱল সেয়াই নহয়, ইৰান, সংযুক্ত আৰব ৰাষ্ট্র, ব্রিটেইনৰ দৰে দেশসমূহেও ভাৰতৰ পৰা আগৰ তুলনাত অধিক চাউল কিনিছে৷

অৱশ্যে ২০২৩–২৪ বর্ষত চাউল ৰপ্তানিৰ ক্ষেত্রত বৃহৎ প্রতিবন্ধকতাৰ সন্মুখীন হ’বলগীয়া হয় ভাৰত৷ সেই সময়ত চাউল ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছিল কেন্দ্রীয় চৰকাৰে৷ ২০২৪ বর্ষৰ লোকসভা নির্বাচনৰ পূর্বে সকলো প্রকাৰৰ চাউল ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছিল৷ কাৰণ সেই সময়ত ভাৰতৰ বজাৰত হোৰাহোৰে চাউলৰ দাম বাঢ়ি গৈছিল৷ সেইবাবে দেশত যোগান বৃদ্ধি কৰি ৰপ্তানি কমাই চাউলৰ দাম নিয়ন্ত্রণৰ চেষ্টা চলাইছিল কেন্দ্রীয় চৰকাৰে৷ যোৱা বছৰ সেই নিষেধাজ্ঞা প্রত্যাহাৰ কৰে ভাৰতে৷ তাৰ পিছৰ পৰাই চাউল ৰপ্তানিৰ ক্ষেত্রত নতুন গতি লাভ কৰে ভাৰতে৷ পৰিসংখ্যাত কোৱা হৈছে যে ২০২২ বর্ষত ভাৰতে সর্বাধিক চাউল ৰপ্তানি কৰিছিল (২ কোটি ২৩ লাখ টনৰো অধিক)৷

You might also like