নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীৰ বৰভিঠাত নিশা পাঁচজনীয়া পৰিয়াললৈ নামি আহিল কাল অমানিশা…

দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। নিশা গভীৰ টোপনিৰ মাজতে এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। অবৈধ বালি কঢ়িওৱা ডাম্পাৰৰ তলত পৰি নিহত হয় মাতৃ আৰু কণমানি।

উল্লেখ্য যে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাৰ হাচেন আলীৰ ঘৰৰ টিনৰ চালিৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই গৰৈমাৰীৰ পৰা গুমি অভিমুখী তীব্ৰবেগী AS-01 FC-1169 নম্বৰৰ অভিশপ্ত ডাম্পাৰখন বাগৰি পৰে। বৰভিঠাৰ হাচেন আলীৰ পৰিয়ালটো নিজৰ ঘৰতে শুই আছিল। কিন্তু হঠাৎ তীব্ৰ বেগেৰে অহা অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰখন হাচেন আলীৰ ঘৰৰ ওপৰত বাগৰি পৰে। নিমিষতে ধ্বংসস্তূপত পৰিণত হয় বাসগৃহ। ডাম্পাৰৰ তলত আবদ্ধ হৈ পৰে এটি কণমানি শিশুসহ একেটা পৰিয়ালৰে পাঁচজনকৈ সদস্য। ডাম্পাৰৰ তলত ছটফটাই আছিল ‘দেৱশিশু’টিয়ে। উদ্ধাৰৰ বাবে আৰক্ষী আৰু স্থানীয় ৰাইজে প্ৰায় তিনি ঘণ্টা ধৰি চলাইছিল আপ্রাণ চেষ্টা। অৱশেষত ক্ৰেনৰ সহায়ত ডাম্পাৰখন আঁতৰাই পাঁচোজন লোকক উদ্ধাৰ কৰা হয়।

কিন্তু নিয়তিৰ লিখন। থিতাতে মৃত্যু ঘটে মাতৃ ছালেহা খাতুন (২৪) আৰু ৩ বছৰীয়া কণমানি কন্যা নাজমা খাতুনৰ। আনহাতে, গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় ১৮ বছৰীয়া ফুল ভানু, ৭ বছৰীয়া হাছিনা খাতুন আৰু ডেৰ বছৰীয়া তাছলিমা খাতুনক। ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় আটাইকে।

অবৈধ বালি ব্যৱসায় আৰু তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যই আৰু কিমানজনৰ প্ৰাণ ল’ব?- সেয়া এতিয়া ডাঙৰ প্ৰশ্ন।

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ১২ জানুৱাৰী :

You might also like