নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেছিমাৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ কালি নিশা দৰঙৰ বেছিমাৰীত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পিতা-পুত্ৰ ঘটনাস্থলীতে নিহত হয়। ঘটনাৰ বিৱৰণী মতে, অৰুণাচলৰ পাচিঘাটৰ পৰা কমলাভৰ্তি এএছ০৭ এচি৮৯৭১ নম্বৰৰ বলেৰো পিকআপ গাড়ীত আহি আছিল পিতা-পুত্ৰ আৰু গাড়ীচালক।

বৰপেটালৈ গৈ থকা অৱস্থাত বেছিমাৰীত ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা চিলিন্ডাৰভৰ্তি এএছ২৫ বিচি-০৭১০ নম্বৰৰ এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মৰাত থিতাতে নিহত হয় মুছাৰফ হুছেইন(৪৪) আৰু তেওঁৰ পুত্ৰ আনোৱাৰ হুছেইন(১৮)৷ আনহাতে বলেৰো পিকআপ গাড়ীৰ চালকজন গুৰুতৰভাৱে আহত হয়। মৃত পিতা-পুত্ৰৰ ঘৰ বকোৰ সোণতলীত বুলি জানিব পৰা গৈছে।

You might also like