নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত ৰিপুণ বৰা আৰু আজমল দুয়োৱে প্ৰাসংগিক নহয়ঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ ‘আজি এই মুহূৰ্তত বিটিচি নিৰ্বাচনত ৰিপুণ বৰা আৰু আজমল দুয়োৱে প্ৰাসংগিক নহয়।’ -বিটিচি নিৰ্বাচনৰ বাবে ওদালগুৰিত প্ৰচাৰ অভিযানত ব্যস্ত থকাৰ মুহূৰ্ততে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰিলে এই কথা।

মন্ত্ৰীগৰাকীয়ে মাজবাটৰ পৰা ৰৌতালৈ ২০ কিলোমিটাৰ ৰেলীত অংশগ্ৰহণ কৰে। তেওঁ লগতে উল্লেখ কৰে যে ওদালগুৰি আৰু বাক্সাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ৯০ শতাংশ আসনত বিজয়ী হ’ব।

You might also like