নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৩ বছৰলৈ চেন্নাই ছুপাৰ কিংছত এম এছ ধোনী

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ পুনৰ তিনি বছৰলৈ চেন্নাই ছুপাৰ কিংছত দেখিবলৈ পোৱা যাব মহেন্দ্র সিং ধোনীক৷ আই পি এলৰ সবাতোকৈ সফল অধিনায়কগৰাকীক চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে আগন্তুক তিনিটা ছিজনৰ বাবে দলত ৰখাৰ সিদ্ধান্ত লৈছে৷ ধোনীৰ লগতে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আৰু উদীয়মান অ’পেনাৰ ৰুতুৰাজ গাইকোৱাডকো আগন্তুক আই পি এলৰ বাবে পুনৰ চুক্তিবদ্ধ কৰিছে৷

উল্লেখ্য যে অহা বর্ষৰ আই পি এলৰ পৰা দুটাকৈ নতুন দল সন্নিৱিষ্ট হোৱাত বিচিচিআয়ে প্রতিটো দলক সর্বাধিক ৪গৰাকী খেলুৱৈ ৰিটেইন কৰাৰ অনুমতি দিছে৷ সেই অনুসৰি চেন্নাই ছুপাৰ কিংছে ধোনী, জাদেজা আৰু গাইকোৱাডক দলত পুনৰ ৰখাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে৷ ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ মঈন আলীক ৰিটেইন কৰাৰ কথাও দলটোৱে চিন্তাচর্চা কৰি আছে৷

ইফালে, বিগত দুটা ছিজনত পঞ্জাব কিংছক নেতৃত্ব দিয়া তাৰকা বেটছমেন লোকেশ ৰাহুলে এইবাৰ দলটো ত্যাগ কৰি নতুন দল লক্ষ্ণৌৰ হৈ খেলাৰ সম্ভাৱনা আছে৷ সঞ্জীৱ গোৱেংকা মালিকানাধীন দলটোৱে ৰাহুলক অধিনায়কৰ প্রস্তাৱ আগবঢ়াইছে৷ আনহাতে, পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ৰোহিত শর্মা, যশপ্রীত বুমৰাহ, ঈশান কিশন আৰু কিৰণ পোলার্ডক দলত ৰখাটো একপ্রকাৰ নিশ্চিত হৈছে৷ দিল্লী কেপিটেলছে অধিনায়ক ঋষভ পণ্টৰ সৈতে অক্ষৰ পেটেল, পৃথ্বি শ্ব আৰু এনৰিচ নর্টজেক ৰিটেইন কৰাৰ সিদ্ধান্ত লৈছে৷

You might also like