নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ পৰা আটক কুখ্যাত মহিলা প্ৰৱঞ্চক : বিশ্বনাথ আৰক্ষীৰ এমাহজোৰা তদন্ত

বিশেষ বাৰ্তা, বিশ্বনাথ, ২৯ ছেপ্টেম্বৰ : এ টি এমৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অহা একাধিক ব্যক্তিক  প্ৰৱঞ্চনাৰে  ধন হৰলুকী কৰা এগৰাকী কুখ্যাত মহিলা চোৰক মৰিগাঁৱৰ পৰা আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে।

উল্লেখ্য যে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ তিনিসুঁ‌তিৰ ববিতা দেৱীয়ে যোৱা ২০ আগষ্টত  বিশ্বনাথৰ এছ বি আইৰ এটা এ টি এমৰ পৰা ধন উলিয়াবলৈ আহিছিল। কিন্তু ববিতা দেৱীয়ে এ টি এমৰ পৰা ধন উলিয়াবলৈ সক্ষম  নোহোৱাত কাষতে থকা মহিলাগৰাকীয়ে  ধন উলিয়াই দিবলৈ  সহায়কাৰীৰ ভেশত আগবাঢ়ি আহে। মহিলাগৰাকীক ৫০০০ টকা এ টি এমৰ পৰা উলিয়াই দিলে যদিও প্ৰৱঞ্চক মহিলাগৰাকীয়ে প্ৰকৃত কাৰ্ডৰ পৰিৱৰ্তে আন এখন কাৰ্ড ওভতাই দিয়ে।আশ্চৰ্যজনকভাৱে ইয়াৰ কিছু সময়ৰ পিছতেই ববিতা দেবীৰ একাউন্টৰ পৰা ৮০ হাজাৰ টকা অন্তৰ্ধান হোৱাত মহিলাগৰাকী বিশ্বনাথ আৰক্ষীৰ কাষ চাপে। বিশ্বনাথ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত আৰু বিশ্বনাথ সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক যুতিকা বৰাই আৰম্ভ কৰে অনুসন্ধান। প্ৰায় এমাহ ধৰি এই অনুসন্ধানৰ পিছত অৱশেষত কালি সফলতা লাভ কৰে অনুসন্ধানকাৰী আৰক্ষীৰ দলটোৱে। এই প্ৰৱঞ্চনা কাৰ্যত জড়িত আছিল মৰিগাঁৱৰ কলচুমা বেগম নামৰ এগৰাকী মহিলা।

আৰক্ষীৰ অভিযানকাৰী দলটোৰ তদন্তত পোহৰলৈ আহে যে কলচুমা বেগম নামৰ এই মহিলাগৰাকীয়ে চলিত বৰ্ষতে একে ধৰণৰ প্ৰৱঞ্চনা  চাৰিবাৰকৈ  সংঘটিত  কৰিছে।  ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ অভিযানকাৰী দলটোৱে কুখ্যাত মহিলা গৰাকীক মৰিগাঁ‌ৱৰ পৰা আটক কৰি বিশ্বনাথ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰৱঞ্চক মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে ৪২ হাজাৰ টকা, ৩টা মোবাইল ফোন আৰু ৫খনকৈ এছ বি আইৰ এ টি এম কাৰ্ড উদ্ধাৰ কৰিছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like