নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ : সৌভাগ্যক্ৰমে ৰক্ষা বিদ্যালয়ৰ হোষ্টেল

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত। ডিব্ৰুগড় উপায়ুক্তৰ ব্যক্তিগত ৰান্ধনি দিলীপ কুমাৰৰ বাসগৃহ আজি সন্ধিয়া সংঘটিত এক অগ্নিকাণ্ডত সম্পূ্ৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। ডিব্ৰুগড়ৰ চৌকিডিঙীত স্থিতিত কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদত থকা দিলীপ কুমাৰৰ বাসগৃহত পূজাৰ চাকিৰ পৰাই এনে ভয়ানক অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিত পেগুৰ বাসভৱনৰ ৰান্ধনী দিনেশ কুমাৰৰ আৱাসত সংঘটিত এই অগ্নিকাণ্ডত প্ৰায় ১২ লাখ টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে।অগ্নিকাণ্ডত বাসগৃহৰ দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত কম্পমান হয় সমগ্ৰ অঞ্চল।ইফালে ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনী আৰু এচ ডি আৰ এফৰ বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাসগৃহৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহল।আনহাতেদি উক্ত বাসগৃহৰ চৌহদতে কেন্দ্ৰীয় বিদ্যালয়,বিদ্যালয়ৰ হোষ্টেল আৰু নিচেই কাষতে জিলা পশু চিকিৎসালয়ৰ লগতে বহু কেইটা গুৰুত্বপূৰ্ণ কাৰ্যালয় অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।অগ্নিকাণ্ডৰ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

 

প্ৰেৰক বিভাষ দুৱৰা

You might also like