নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰী জীৱনতে পলাই গৈছিল সুন্দৰী কিলাৰ বন্দনা

বিশেষ বাৰ্তা, ২১ ফেব্রুৱাৰীঃ গুৱাহাটীৰ নৃশংস হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতাৰ অতীত জীৱনো আছিল বিতর্কিত৷ অনুৰূপ ধৰণে স্বামী অমৰজ্যোতি দে’য়েও এটা বিশৃংখল–নিচাসক্ত জীৱন কটাইছিল৷ এই ঘটনাৰ পিছতে দুয়োৰে ব্যক্তিগত জীৱনৰ কথা ইটোৰ পাছত সিটো আহিছে পোহৰলৈ৷ স্নাতকত অধ্যয়ন কৰি থাকোতেই ঘৰৰ অমতত পলাই গৈ অমৰজ্যোতিৰে সংসাৰ কৰিছিল কিলাৰ বন্দনাই৷ দীর্ঘদিনীয়া প্রেমক বিবাহৰ মাজেৰে স্থায়িত্ব দিলেও সুখকৰ নাছিল দুয়োৰে সংসাৰ৷ বন্দনাৰ সৈতে সংসাৰ আৰম্ভ কৰাৰ বহু পূর্বৰে পৰা ড্রাগ্ছকে ধৰি বিভিন্ন নিচাজাতীয় দ্রব্যৰ প্রতি আসক্ত আছিল অমৰজ্যোতি৷ বন্দনাৰ পিতৃয়ে এই কথা সদৰী কৰিছে৷ অকল নিজেই খোৱাই নহয়, বন্দনাকো ড্রাগ্ছ সেৱনৰ বদ অভ্যাস কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কামিনী কলিতাই৷ তেওঁ কয়– প্রথম অৱস্থাত মোৰ ছোৱালীজনী খুব ভাল আছিল৷ কিদৰে এই অসভ্যৰ পাল্লাত পৰিল সেয়া মই গমকে নাপালোঁ৷ আমি তাৰ বেয়া স্বভাৱৰ কথা আগৰে পৰা জানিছিলোঁ৷ কিন্তু তাই যে এনেদৰে তাৰ সৈতে পলাই যাব, সেয়া ভবা নাছিলোঁ৷ বিয়াৰ পাছত বহু বছৰ আমাৰ ঘৰলৈ সিহঁতক আহিব দিয়া নাছিলোঁ৷ যেতিয়া তাই ঘৰলৈ আহিল, চেহেৰা পূর্বতকৈ বহুত সলনি হোৱা লক্ষ্য কৰিছিলোঁ৷ সি তাইকো জোৰ–জবৰদস্তিকৈ ড্রাগ্ছ খুৱাইছিল৷ মাকৰ আগত তাই এই কথাখিনি প্রকাশ কৰিছিল৷ উল্লেখ্য যে অমৰজ্যোতিৰ চৰিত্রৰ স্বৰূপ বুজি উঠা বন্দনাই পৰৱর্তী সময়ত যথেষ্ট অনুতপ্তও হৈছিল৷ অমৰজ্যোতিৰ ড্রাগ্ছ আৰু পৰস্ত্রীৰ প্রতি আসক্তিয়ে বন্দনাৰ সুখৰ সংসাৰখনত আউল লগাইছিল৷ যাৰ পৰিণতিত বন্দনা ক্রমাৎ হতাশ হৈ পৰাৰ লগতে ইয়াক কেন্দ্র কৰিয়েই মাতৃ শংকৰী দে’ৰ সৈতেও অমৰজ্যোতিৰ সৃষ্টি হৈছিল তিক্ততাপূর্ণ সম্পর্ক৷ ১০ বছৰীয়া বৈবাহিক জীৱনৰ পাছতো বন্দনা–মৰজ্যোতিৰ নাছিল কোনো সন্তান৷ পিতৃ কামিনী কলিতাই জানিবলৈ দিয়া মতে, ছবছৰ পূর্বে বন্দনা সন্তানসম্ভৱা হৈছিল৷ কিন্তু পৰৱর্তী সময়ত সেই সন্তান গর্ভতে নষ্ট হৈছিল৷ তাৰ পাছতো বহুবাৰ বন্দনাই এটা সন্তানৰ বাবে চেষ্টা কৰিছিল যদিও অমৰজ্যোতিয়ে সন্মতি দিয়া নাছিল৷ কিন্তু অমৰজ্যোতিৰ নষ্ট চৰিত্রৰ পাছতো মাতৃ শংকৰী দে’ৰ যথেষ্ট প্রশংসা কৰে কামিনী কলিতাই৷ বহু সময়ত জীয়াৰী বন্দনাক শাহুৱেক শংকৰীয়ে সহযোগো কৰিছিল৷ কিন্তু শাহু–বোৱাৰীৰ মধুৰ সম্পর্কত কিদৰে ঘুণে ধৰিল, সেয়া আজিও অৱগত নহয় কামিনী কলিতা৷ তেওঁ কয়– যদিও আমাৰ সৈতে বৈবাহিক সূত্রে তেওঁলোকৰ সম্পর্ক আছিল, কিন্তু তেওঁলোকৰ ঘৰুৱা বিষয়ত আমি হস্তক্ষেপ কৰা নাছিলোঁ৷ অমৰজ্যোতিৰ উচ্ছৃংখল জীৱন যাপনৰ বাবে মাতৃ শংকৰী প্রায়ে অসন্তুষ্ট আছিল৷ যাৰ বাবে নাৰেংগীৰ স্বামীৰ ভেটি এৰি চানমাৰিত অকলশৰীয়াকৈ বাস কৰিছিল শংকৰীয়ে৷ উচ্ছৃংখল জীৱন যাপন কৰা অমৰজ্যোতিৰ পৰস্ত্রীৰ প্রতি আসক্তিৰ কথা শাহুৱেকক বন্দনাই অৱগত কৰিছিল৷ তাৰ পাছতেই বন্দনাক শাহুৱেকে নিজৰ সৈতে ৰাখিছিল৷ উল্লেখ্য যে অভিজাত পৰিয়ালৰ একমাত্র সন্তান হিচাপে অমৰজ্যোতিয়ে সুবিধা পোৱাৰ পাছতো হাইস্কুলৰ ডেওনাই পাৰ হ’ব পৰা নাছিল৷ যাৰ বাবে পৰৱর্তী সময়ত বন্দনাও অসন্তুষ্ট হৈছিল৷ সাংসাৰিক অশান্তি ক্রমাৎ বাঢ়ি অহাত বন্দনাৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল অমৰজ্যোতি৷ কিন্তু মাতৃ শংকৰী দে’ই কোনো কাৰণত এই বিচ্ছেদ বিচৰা নাছিল৷ যাৰ পৰিণতিত মাতৃ–পুত্রৰ মাজত এখন শীতল যুঁজ প্রায়েই হৈছিল৷ পুত্রৰ ইমানখিনি বদ স্বভাৱৰ কথা জানি–বুজিও শুদ্ধ পথত আনিবলৈ প্রচেষ্টা এৰা নাছিল শংকৰীয়ে৷ প্রায় সাত বছৰ পূর্বে উলুবাৰী চাৰিআলিত ভতিজা সুবীৰ দে’ৰ সৈতে যুটীয়াভাৱে অমৰজ্যোতিক এখন কাপোৰৰ দোকান খুলি ব্যৱসায়ৰ সুবিধা কৰি দিছিল শংকৰীয়ে৷ দোকানখন ভালদৰে চলাৰ পাছতো একমাত্র অমৰজ্যোতিৰ বাবে অকালতে বন্ধ হৈ পৰিছিল বুলি কামিনী কলিতাই মন্তব্য কৰিছে৷ অমৰজ্যোতিয়ে ব্যৱসায় কৰিবলৈ অসন্তুষ্টি কৰাৰ বাবেই দোকানখনৰ পৰা বন্দনাকো আঁতৰাই আনিছিল৷ জীয়াৰী বন্দনাৰ নিকৃষ্ট চৰিত্র পোহৰলৈ অহাৰ পাছত এতিয়া জীয়াৰীৰ প্রতি সকলো মোহ ত্যাগ কৰিছে কলিতা দম্পতীয়ে৷ আজি পুনৰ আৰক্ষীক আহ্বান জনাই কামিনী কলিতাই কয়– প্রকৃততে তাই যদি দোষী, তেন্তে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক৷ কাৰাগাৰৰ পৰা কিবা কাৰণত মুকলি আকাশৰ তললৈ আহিব পাৰিলেও জীয়াৰীক পুনৰ নিজৰ ঘৰত ঠাই নিদিয়ে বুলি আজি ঘোষণা কৰে পিতৃ কামিনী কলিতাই৷ তেওঁ কয়– তাই নিজৰ জীৱনটো ধ্বংসতো কৰিলেই, এতিয়া মোৰ পুত্র–বোৱাৰী আছে৷ গতিকে তাইৰ বাবে মোৰ পৰিয়ালটো ধ্বংস নকৰোঁ৷

You might also like