নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া কলেজৰ সমীপত অগ্নিকাণ্ড : ভস্মীভূত বাসগৃহ

নাহৰকটীয়া মহাবিদ্যালয়ৰ সমীপত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। জয়পুৰ থানাৰ অন্তৰ্গত আলিছিগা গাঁৱৰ প্ৰয়াত বীৰেন ঘাটোৱাৰৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ড।

ৰান্ধনী গৃহৰ জুইৰ পৰা সংঘটিত হোৱা বুলি সন্দেহ হোৱা এই অগ্নিকাণ্ডত প্ৰায় ১০ মিনিটৰ ভিতৰতে সম্পূৰ্ণ ৰূপে জুইত জাহ যায় পৰিয়ালটোৰ বাসগৃহ।

উল্লেখযোগ্য যে অগ্নিকাণ্ডৰ তথ্য লাভ কৰি অতি ক্ষিপ্ৰতাৰে নাহৰকটীয়াৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হয়হি যদিও তেতিয়ালৈকে পৰিয়ালটোৰ সমগ্ৰ সা সম্পত্তি তথা নগদ ধন জুইৰ লেলিহান শিখাই সামৰি লয়।

অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই কাষৰ অন্য বাস গৃহলৈ বিয়পি পৰাত বাধা দিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নগদ ধন, চাইকেলকে ধৰি প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে।

বিশেষ বার্তা, নাহৰকটীয়া, ২৮ মে’

You might also like