নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুযুধান দুই গগৈ : কাৰ হাতলৈ হাইপ্ৰফাইল যোৰহাট লোকসভা সমষ্টি

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এতিয়া সৰ্বত্ৰ চৰ্চিত যোৰহাট লোকসভা সমষ্টি। দুই হাইপ্ৰফাইল নেতা বিজেপি মিত্ৰ দলৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত যে এখন তুমুল নিৰ্বাচনী যুদ্ধ হব সেয়া ধুৰুপ। ২৬ মাৰ্চত দহ হাজাৰ অধিক সমৰ্থকক লগত লৈ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জিলা ৰিটাৰ্নিং বিষয়া তথা আয়ুক্তৰ ওচৰত সদলবলে মনোনয়ন দাখিল কৰি লাখৰো অধিক ভোটত বিজয় সাব্যস্ত কৰিম বুলি বুকু ডাঠ কৰি ৰাইজক মন্তব্য দিয়াৰ পাছতে কালি বিজেপিৰ তপন কুমাৰ গগৈয়ে ত্ৰিশ হাজাৰ অধিক সমৰ্থকসহ মনোনয়ন দাখিল কৰি এক শক্তি প্ৰদৰ্শনে কংগ্ৰেছক যেন হতাশাগ্ৰস্ত কৰি তুলিলে। মুখ্যমন্ত্ৰী, লগতে অসম মন্ত্ৰী সভাৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক কালি তপন গগৈ মনোনয়ন পত্ৰ দাখিল কৰাত সংগ দি মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাৰ মাজত এখন সভা সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰলৈ তপন কুমাৰ গগৈ তথা বিজেপি মিত্ৰদলৰ সমৰ্থক দেখি ৩ লাখ ভোটত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ বিজয়ী হব বুলি কালিয়ে নিশ্চিত কৰে। বিজেপিৰ জনস্ৰোত দেখি কিন্তু দুৰ্বল হোৱা নাই কংগ্ৰেছ। কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিজৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি যোৰহাট সমষ্টি কংগ্ৰেছৰে জয় হব বুলি উল্লেখ কৰে। ইতিমধ্যে প্ৰাৰ্থীজনে ভিতৰ অঞ্চলৰ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ নিজকে পিতৃহাৰা পৰিচয়েৰে ভোটাৰ ৰাইজেই তেওঁৰ অভিভাৱক হব লাগিব বুলি প্ৰচাৰ অব্যাহত ৰাখিছে। তেওঁ নৱ প্ৰজন্মৰ জৰিয়তে যোৰহাট লোকসভা সমষ্টি কংগ্ৰেছ দলে দখল কৰিব বুলিও উল্লেখ কৰে। প্ৰাক্তন সাংসদগৰাকীয়ে সামাজিক মাধ্যমত দলটোৰ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে আৰু দলৰ একাংশ যুৱপ্ৰজন্মই সামাজিক মাধ্যমত সাংসদগৰাকীৰ পক্ষত মাত মাতি অহা পৰিলক্ষিত হৈছে। আনহাতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ অসম প্ৰদেশ যুৱ মৰ্চাকে ধৰি জিলা যুৱ মৰ্চাৰ কৰ্মী সকলে মটৰচাইকেল সমদল উলিয়াই বিজেপি তপন কুমাৰ গগৈক জয়ী কৰাবলৈ উঠিপৰি লাগিছে। গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা ঠাইত হোৱা ভাওনা, অবিৰত ভাগৱত পাঠকে ধৰি বিভিন্ন সভাই সমিতিয়ে গৈ সেৱা লৈ তপন কুমাৰ গগৈয়েও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। দুই গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ গীতেও ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। এতিয়া যোৰহাটৰ আকাশে বতাহে মাত্ৰ দুই গগৈৰ নিৰ্বাচনী অংকক লৈ ব্যস্ত হৈ পৰিছে ভোটাৰ ৰাইজ। ১৯ তাৰিখৰ ভোট যুদ্ধত জানিব পৰা যাব যোৰহাটৰ সমষ্টিৰ জনতাই কাক দিল্লীলৈ পঠাব।

প্ৰেৰক সঞ্জীৱ হাজৰিকা

You might also like