নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাউণ্ডট্রেক শিতানত নীলোৎপল বৰাৰ মনোনয়ন

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বলীউডৰ সংগীত জগতত খোপনি পুতিবলৈ সক্ষম হোৱা অসম সন্তান নীলোৎপল বৰাই আন এক সুখ্যাতি অর্জন কৰিছে৷ বলীউডৰ অন্যতম সন্মানীয় বঁটা ফিল্ম ফেয়াৰৰ বাবে মনোনয়ন লাভ কৰিছে বৰাই৷ ডিজিটেল প্লেটফর্মত প্রচাৰিত ছিৰিজৰ শ্রেষ্ঠ ‘অৰিজিনেল ছাউণ্ডট্রেক’ শিতানত তেওঁ এই মনোনয়ন লাভ কৰিছে৷ দ্য ফেমিলী মেনৰ ছিজন–২ৰ ‘হৰপ্রীত’ শীর্ষক গীতৰ বাবে অনুপল বৰাক মনোনীত কৰা হৈছে৷ ৰোহিত শর্মাৰ সৈতে যুটীয়াভাৱে তেওঁ এই শাখাত মনোনয়ন লাভ কৰিছে৷ এমাহজোৰা ভোটিঙৰ পাছত বিভিন্ন শিতানত মনোয়নসমূহ চূড়ান্ত কৰা হৈছে৷ ২০২০ চনৰ ১ আগষ্টৰ পৰা ২০২১ চনৰ ৩১ জুলাইৰ ভিতৰত ডিজিটেল প্লেটফর্মত প্রচাৰিত ছিৰিজ সন্থাৰ পৰা বিভিন্ন শিতানত ফিল্ম ফেয়াৰ বঁটা প্রদান কৰা হ’ব৷

You might also like