নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম বৈভৱ’ ৰতন টাটালৈ

ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ সমাজসেৱক হিচাপে বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট উদ্যোগপতি ৰতন টাটাক পোনপ্রথমবাৰৰ বাবে ৰাজ্যৰ সর্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ৰে সন্মানিত কৰা হ’ব৷ ‘অসম দিৱস’ৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে নতুন দিল্লীত এই কথা ঘোষণা কৰে৷ মন কৰিবলগীয়া যে ১৯৮৭ চনৰ পৰা ‘চুকাফা দিৱস’ হিচাপে পৰিচিত ২ ডিচেম্বৰৰ দিনটোক ‘অসম দিৱস’ হিচাপে পালন কৰি অহা হৈছে৷ এই উপলক্ষে নতুন দিল্লীৰ আছাম হাউছত ‘অসম দিৱস’ৰ দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ বিজেপি সাংসদসকলৰ সৈতে ‘বৰ অসম’ৰ নির্মাতা স্বর্গদেউ চাওলুং চুকাফাৰ প্রতিচ্ছবিত মাল্যার্পণেৰে শ্রদ্ধা নিবেদন কৰে৷ ইয়াৰ পাছত সাংবাদিকৰ আগত তেওঁ ‘অসম বৈভৱ’ বঁটাৰ আনুষ্ঠানিক ঘোষণা কৰে৷ কর্কট চিকিৎসালয় নির্মাণৰ বাবে ৰতন টাটাই আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে তেওঁক ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান প্রদান কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ তেওঁ কয় যে যেনেদৰে ‘ভাৰত ৰত্ন’ হৈছে দেশৰ সর্বোচ্চ অসামৰিক বঁটা, ঠিক তেনেদৰেই ‘অসম বৈভৱ’ হৈছে অসমৰ সর্বোচ্চ অসামৰিক বঁটা৷

আনহাতে, অহা এক সপ্তাহৰ ভিতৰত ৰাজ্যৰ অন্যান্য অসামৰিক বঁটা ‘অসম সৌৰভ’, ‘অসম গৌৰৱ’ প্রাপকসকলৰ নাম ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই বঁটাসমূহ অসমৰ বাবে কাম কৰি থকা অথচ প্রচাৰৰ আঁৰত থকা লোকসকলক প্রদান কৰা হ’ব৷ ‘যিসকল ব্যক্তিয়ে অসমৰ কাৰণে কাম কৰি আছে, কিন্তু বহুতে তেওঁলোকৰ কথা নাজানে, এইবোৰ বঁটা প্রদানৰ ক্ষেত্রত আমি তেওঁলোকক প্রাধান্য দিম৷’ –মুখ্যমন্ত্রী ড০ শর্মাই এনেদৰে কয়৷ আনহাতে, চুকাফা দিৱস প্রসংগত তেওঁৰ বক্তব্য– ‘চুকাফাই যেনেদৰে বৰ অসম নির্মাণৰ বাবে ব্রতী হৈছিল, ঠিক তেনেকৈ আজিৰ নতুন প্রজন্মক আন এখন বৰ অসম নির্মাণৰ বাবে ব্রতী হ’ব লাগে৷ এয়া সময়ৰ আহ্বান৷’ মন কৰিবলগীয়া যে নতুন দিল্লীৰ আছাম হাউছত মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে ৰাজ্যৰ বিজেপি সাংসদ দিলীপ শইকীয়া, কুইন ওজা, প্রদান বৰুৱা, পল্লৱলোচন দাস, ৰাজদীপ ৰায়, ভুবনেশ্বৰ কলিতা, কামাখ্যাপ্রসাদ তাছা আদি উপস্থিত আছিল৷

You might also like