নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনইএছএচি–ইছৰোৰ বানপানীৰ অধ্যয়নত ৫,৯০২ বর্গ কিলোমিটাৰ আর্দ্রভূমি চিনাক্ত

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ ৰাজ্যৰ অর্থনীতিত বিৰূপ প্রভাৱ পেলাই অহা অসমৰ বান সমস্যা সন্দর্ভত ইছৰোৱে উত্তৰ–পূব মহাকাশ প্রয়োগ কেন্দ্র (এন ই এছ এ চি)ৰ সৈতে যুটীয়াভাৱে অধ্যয়ন চলাই লাভ কৰিছে এক ফলপ্রসূ উপায়৷

বানপানী প্রতিৰোধৰ সমান্তৰালকৈ সমগ্র উত্তৰ–পূবৰ বনাঞ্চল সংৰক্ষণৰ ক্ষেত্রত এই দুয়োটা সংস্থাই যুটীয়া অধ্যয়নৰ জৰিয়তে এলানি উপায় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ শনিবাৰে এই লক্ষ্যৰে শ্বিলংস্থিত উত্তৰ–পূব মহাকাশ প্রয়োগ কেন্দ্র (এন ই এছ এ চি)ত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত আৰু এন ই এছ এ চি ছ’চাইটীৰ উদ্যোগত অনুষ্ঠিত এই গুৰুত্বপূর্ণ বৈঠকত বান নিয়ন্ত্রণ, আর্দ্রভূমিৰ ব্যৱস্থাপনা, বনাঞ্চল সংৰক্ষণ আদিৰ ক্ষেত্রত মহাকাশ প্রযুক্তি ব্যৱহাৰ সম্পর্কীয় বিভিন্ন দিশসমূহ আলোচনা কৰা হয়৷

কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু উত্তৰ–পূবৰ মুখ্যমন্ত্রীসকলৰ লগতে কেন্দ্রীয় ড’নাৰ মন্ত্রী জি কিষাণ ৰেড্ডী, কেন্দ্রীয় মহাকাশ মন্ত্রী ড০ জিতেন্দ্র সিং, ৰাজ্যিক ড’নাৰ মন্ত্রী বি এল বার্মা৷ এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই বানপানী নিয়ন্ত্রণ আৰু বাৰিষা কালত ব্রহ্মপুত্রৰে বৈ অহা বিশাল জলভাণ্ডাৰক সঠিকভাৱে বোৱাই নিয়াৰ এক বিস্তৃত তথ্য সম্বলিত প্রতিবেদন দাখিল কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এন ই এছ এ চি আৰু ইছৰোৱে অসমত বানপানীৰ এক যুটীয়া অধ্যয়ন চলাই ৫,৯০২ বর্গ কিলোমিটাৰ মাটিকালি আর্দ্রভূমি হিচাপে চিনাক্ত কৰিছে৷

ৰাজ্যখনৰ বান নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত বাৰিষা কালত ব্রহ্মপুত্রৰ অতিৰিক্ত পানী বোৱাই নিয়া কামত এই আর্দ্রভূমি ব্যৱহাৰ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ এইক্ষেত্রত তেওঁ জলশক্তি মন্ত্রালয়ৰ অধীনস্থ কেন্দ্রীয় জল আয়োগ আৰু ৰাজ্যখনৰ জলসম্পদ বিভাগক অন্তর্ভুক্ত কৰি বান নিয়ন্ত্রণৰ বাবে এটা পৰীক্ষামূলক প্রকল্প হাতত লোৱাৰ বিষয়ে বিবেচনা কৰিবলৈও শনিবাৰে আলোচনাকালত পৰামর্শ আগবঢ়ায়৷

ড০ শর্মাই লগতে মহাকাশ প্রযুক্তি ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক সীমান্তত বনাঞ্চল নিৰীক্ষণৰ বাবেও পৰামর্শ আগবঢ়ায়৷ এই বৈঠকত মহাকাশ বিভাগ আৰু ড’নাৰ মন্ত্রালয়ৰ সচিবসকলৰ লগতে ইছৰোৰ অধ্যক্ষ ড০ কে শিৱন, এন ই এছ এ চিৰ সঞ্চালক আৰু উত্তৰ–পূবৰ ৰাজ্যসমূহৰ মুখ্য সচিবসকল উপস্থিত থাকে৷

উল্লেখ্য যে দুদিনীয়া ভ্রমণ কার্যসূচীৰে কালি মেঘালয়ত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই বৈঠকৰ পূর্বে শ্বিলঙৰ মাভিয়াঙত এটা আন্তঃৰাজ্যিক বাছ টার্মিনেল আৰু উমছাভলীত অক্সিজেন প্লাণ্টৰ লগতে শিশু চিকিৎসা ৱার্ড এটা উদ্বোধন কৰে৷

You might also like