নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ বাবে বিশেষ বিভাগ গঠন ৰাজ্য চৰকাৰৰ

খালি পদ পূৰণৰ বাবে বিভাগেই লব পাৰিব সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ অসম প্ৰশাসনিক ষ্টাফ কলেজত এক সংবাদ মেলৰ আয়োজন কৰে । সংবাদ মেল খনত মুখ্যমন্ত্ৰী জনে জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে নতুন বিভাগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। খিলঞ্জয়ীৰ ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ বাবে হ’ব এই নতুন বিভাগ। DEPARTMENT FOR INDIGENOUS FAITH & CULTURE নামেৰে নামাকৰণ হ’ব নতুন বিভাগটো।

আনহাতে প্ৰতি শুক্ৰবাৰে অনুষ্ঠিত হ’ব ষ্টেণ্ডিং ফাইনেন্স কমিটীৰ বৈঠক। লগতে ২ কোটিৰ তলৰ আঁচনিত বিভাগীয় মন্ত্ৰীক অনুমোদন জনোৱাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে আজিৰ কেবিনেট বৈঠকত।

 ৫ ৰ পৰা ১০০ কোটি টকা লৈকে আঁচনিত ষ্টেণ্ডিং কমিটীৰ অনুমোদনৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

অহা বছৰৰ পৰা ফাইল কাৰ্যবাহী অভিযন্তা পৰা পোনে পোনে বিত্ত বিভাগলৈ যাব৷ লগতে  প্ৰতি বৃহস্পতি বাৰে বিত্তমন্ত্ৰী আৰু শুকুৰবাৰে মুখ্য সচিব পুঁজি আবন্টন বিষয়ক লৈ বৈঠকত বহিব লাগিব।

আনহাতে চৰকাৰৰ খালী পদ পূৰণৰ বাবে বিভাগেই লব পাৰিব সিদ্ধান্ত৷ খালী পদ পূৰণ কৰাৰ ক্ষেত্ৰত আৰু বিভাগীয় আয়ুক্তই সিদ্ধান্ত লব পাৰিব৷ এই ক্ষেত্ৰত বিত্ত বিভাগৰ অনুমোদৰ প্ৰয়োজন নাই।

উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুমাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজি অনুষ্ঠিত হৈছিল বিশেষ কেবিনেট বৈঠক।

You might also like