নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তজিলা যাতায়তৰ নামত মৰিগাঁৱৰ বাৰপূজীয়া নিৰিক্ষণ চকিত একাংশ VDP সদস্যৰ গুণ্ডাগিৰি

যাত্ৰীৰ পৰা ধন সংগ্ৰহৰো অভিযোগ একাংশৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ ৰাজ্যত কভিড ১৯ৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ভিন্ন সময়ত ভিন্ন এচ অ পি ঘোষণা কৰাৰ লগতে যোৱা ২১মে ৰ পৰা আন্ত জিলা যাতায়ত ব্যৱস্থাত যি নিষেধাজ্ঞা জাৰি কৰিছিল, তাৰেই পৰিপ্ৰেক্ষিতত মৰিগাঁও – নগাঁও জিলাৰ সীমান্ত অঞ্চল বাৰপূজীয়াত স্থানীয় গাঁও ৰক্ষী বাহিনীয়ে আৰক্ষী প্ৰশাসনৰ সহযোগত বেৰিকেড স্থাপন কৰি ২১মেৰ পুৱাৰে পৰা ২৪ ঘণ্টাই পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু সেহতিয়াকৈ বাৰপূজীয়াস্থিত নিৰিক্ষণ চকীত একাংশ কৰ্তব্যৰত VDP সদস্যৰ বিৰুদ্ধে গুণ্ডাগিৰি কৰা আৰু ধন সংগ্ৰহৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷

়অভিযোগ অনুসৰি ২১ মে পৰা আজিলৈকে বাৰপূজীয়াৰ নিৰিক্ষণ চকীত আন্তজিলা যাতায়তৰ ক্ষেত্ৰত স্থানীয় একাংশ VDP ৰ সদস্যই জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত নিষ্ঠাৰে কাৰ্য সম্পাদন কৰি আহিছে যদিও আন একাংশ সদস্যই বুকুত VDP ৰ লেবেল মাৰি আৰক্ষীৰ সন্মুখতে পথচাৰীক বিভিন্ন ধৰণে দুব্যবহাৰ কৰাৰ লগতে মাৰপিট কৰি অহাৰো গুৰুত্বৰ অভিযোগ উঠিছে ৷ আনহাতে নিশা হলেই একাংশ VDP সদস্যই মদ্যপান কৰি পথচাৰী আৰু বিভিন্ন সামগ্ৰী কঢ়িওৱা গাড়ীৰ পৰা ধনৰ সংগ্ৰহৰো অভিযোগ উত্থাপন হৈ আহিছে ৷ প্ৰকাশ যে আন্তজিলা যাতায়তৰ নামত বাৰপূজীয়াৰ নিৰিক্ষণ চকীত একাংশই নিষ্ঠাৰে কৰ্ম সম্পাদন কৰাৰ বিপৰিতে একাংশই প্ৰতি দিনে কৰি অহা এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছে সচেতন মহলে ৷ লগতে এই পৰীক্ষন কেন্দ্ৰত চলি অহা গুণ্ডাগিৰিৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ৷

You might also like