নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোলাই কাঠনিৰ অগ্নিকাণ্ডৰ তদন্ত দাবী অৰণ্য সুৰক্ষা সমিতি, অসমৰ

অৰণ্য মানৱ যাদৱ পায়েঙৰ অক্লান্ত প্ৰচেষ্টাত গঢ়ি উঠা মাজুলীৰ এটি দ্বীপ মোলাই কাঠনিৰ অৰণ্য দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ তীব্ৰ গৰিহণা দিছে প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি, অসমে। অৰণ্য সুৰক্ষা সমিতি, অসমে এই সন্দৰ্ভত এক চৰজমিন তদন্তৰ দাবী কৰিছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত অৰণ্য সুৰক্ষা সমিতি, অসমৰ সচিবপ্ৰধান ডঃ হৰিচৰণ দাসে কয় যে এই অগ্নিকাণ্ড কোনে কিয় সংঘটিত কৰিলে, তাক জনাৰ প্ৰয়োজন আছে। মোলাই কাঠনিক ভৱিষ্যতে সুৰক্ষিত কৰাৰ বাবে এনে তদন্তৰ আৱশ্যক আছে । সমিতিয়ে অৰণ্যখনৰ সুৰক্ষা দিবলৈ অসম চৰকাৰক দাবী জনোৱাৰ লগতে ইয়াৰ এক ক্ষতিপূৰণ দিবলৈও আহ্বান জনাইছে।

সমিতিৰ বিজ্ঞপ্তিত কোৱা হৈছে যে ই যাদৱ পায়েঙৰ ব্যক্তিগত বিষয় নহয়, অসমৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ বিষয়। গতিকে বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিব লাগে। গতিকে সমিতিয়ে মোলাই কাঠনিৰ ঘটনাৰ ক্ষতিপূৰণ দিবলৈও চৰকাৰক দাবী জনাইছে ।

নিয়মীয়া বাৰ্তা, ৰৌতা, ৩০ ডিচেম্বৰ :
You might also like