নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ পুৰণা লাহৰীজানস্থিত সীমান্ত নিৰীক্ষণ চকীৰ বৃহৎ সফলতাঃ ৩০ কোটি মূল্যৰ ড্ৰাগছ উদ্ধাৰঃ আটক ১

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে চলোৱা এই অভিযানত জব্দ প্ৰায় ৫ কিলোগ্ৰাম হেৰ’ইন। লগতে ইছমাইল আলি নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে।

উল্লেখ্য যে মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলঙ আৰক্ষীৰ বিশেষ নাকা তালাচীত AS01KC4951 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি।

জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্রায় ৩০ কোটি টকা বুলি জানিব পৰা গৈছে।

বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস , চক্ৰ বিষয়া ভূপেন কলিতা , ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু ছেত্ৰী আৰু আৰক্ষী বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত বোকাজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।

বিগত চাৰিমাহত কাৰ্বি আংলঙ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে আৰু আজি পৰ্যন্ত প্রায় ৪০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিছে ।

You might also like