নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াৰ পৰা ধুবুৰীলৈ গৌৰৱ গগৈৰ শান্তি–সদ্ভাৱনা যাত্রা

প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ শেষ ইচ্ছা পূৰণ

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ শেষ ইচ্ছা পূৰণৰ বাবে পুত্র গৌৰৱ গগৈয়ে অহা ৯ ডিচেম্বৰৰ পৰা জননেতাজনৰ স্মৃতিত শদিয়াৰ পৰা ধুবুৰীলৈ শান্তি সদ্ভাৱনা যাত্রা কৰিব৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ উদ্যোগত অহা ৯ ডিচেম্বৰত যোৰহাটত এই শান্তি সদ্ভাৱনা যাত্রা আৰম্ভ হ’ব আৰু অহা ১২ জানুৱাৰীত গুৱাহাটীত সমাপ্ত হ’ব৷ এই সম্পর্কত প্রয়াত গগৈৰ সাংসদ পুত্র গৌৰৱ গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে অহা ৯ ডিচেম্বৰত তেওঁৰ লগতে মাতৃ ডলী গগৈ, বাইদেউ চন্দ্রিমা গগৈ যোৰহাটত উপস্থিত হ’ব৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, দলৰ সাংসদ, বিধায়ক, প্রদেশ কংগ্রেছৰ নেতৃত্বৰ উপস্থিতিত সেইদিনা নিমাতীঘাটত গগৈৰ চিতাভস্ম বিসর্জন দিয়া হ’ব৷

অহা ১০ ডিচেম্বৰত গগৈৰ জন্মস্থান তিতাবৰত এক শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু তাৰ পাছতেই সেইদিনাই শদিয়ালৈ গৈ গগৈৰ চিতাভস্ম ব্রহ্মপুত্রত বিসর্জন দিয়া হ’ব৷ শদিয়াৰ পৰা ধুবুৰীলৈ, দিছপুৰৰ পৰা হাইলাকান্দিলৈ এই শান্তি সদ্ভাৱনা যাত্রা চলিব বুলি জানিবলৈ দি গগৈয়ে কয় যে প্রত্যেকখন জিলাকে এই যাত্রাত সামৰাৰ চেষ্টা কৰা হ’ব৷ প্রত্যেক জিলাতে চিতাভস্ম লৈ যোৱাৰ সময়ত সর্বধর্মীয় প্রার্থনাৰে ৰাজহুৱা স্থানত শ্রদ্ধাঞ্জলি জনাই পদযাত্রা কৰি ওচৰত থকা নদীত চিতাভস্ম বিসর্জন দিয়া হ’ব৷ অহা ১২ ডিচেম্বৰত শিৱসাগৰৰ দিখৌ নৈত চিতাভস্ম বিসর্জন দিয়া হ’ব৷ তেওঁ আৰু কয় যে এই যাত্রা শান্তিৰ যাত্রা, সদ্ভাৱনাৰ যাত্রা৷ এই যাত্রাৰ জৰিয়তে প্রয়াত তৰুণ গগৈৰ আদর্শ, সমন্বয়ৰ প্রতি তেওঁৰ লক্ষ্য, গাঁৱৰ ৰোৱনী–বোৱনীৰ প্রতি মৰম, বয়োজ্যেষ্ঠৰ প্রতি শ্রদ্ধা পুনৰবাৰ সুঁৱৰবিলৈ চেষ্টা কৰা হ’ব৷ এই যাত্রাৰ সময়ত তেওঁ ৰাজনৈতিক বত্তৃণতা বা কথা উত্থাপন নকৰে৷ কেৱল গগৈৰ আদর্শ আৰু অসমৰ প্রতি সপোনহে সুঁৱৰিব৷ এই যাত্রাৰ সময়ত সংশ্লিষ্ট জিলা প্রশাসন আৰু ৰাইজৰ পৰা তেওঁ সহযোগিতা কামনা কৰে৷

You might also like