নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঙালীপাৰা হাইস্কুলত প্রথমে ভোট দিলে দৰাই

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ বহুপ্রতীক্ষিত বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণ সোমবাৰে আৰম্ভ হোৱাৰ লগে লগে বাক্সা জিলাৰ ভিন্ন প্রান্তত দেখা গ’ল ব্যাপক উৎসাহ –উদ্দীপনা৷ পুৱা ৭.৩০ বজাৰ পৰা ভোটগ্রহণ আৰম্ভ হোৱাৰ লগে লগে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে হিলদোল ভাঙি ওলাই অহা দেখা গ’ল আবাল–বৃদ্ধ–বনিতাক৷ ইয়াৰ মাজতে ২৯নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তর্গত বাঙালীপাৰাৰ এজন যুৱকে দৃষ্টি আকর্ষণ কৰিলে সকলোৰে৷ শুক্লাই চেৰফাং সমষ্টিৰ এটা ভোটগ্রহণ কেন্দ্রত পুৱাই দেখা গ’ল একব্যতিক্রমী দৃশ্য৷ ভোলাঝাৰ বাঙালীপাৰা হাইস্কুল ভোটগ্রহণ কেন্দ্রত দৰাৰ সাজত হঠাৎ দেখা গ’ল এজন স্থানীয় যুৱকক৷ গকুল পৌডেল নামৰ যুৱকজনে দৰাৰ সাজ পৰিধান কৰি সকলোতকৈ প্রথমে আহি সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ৷ বিটিচি নির্বাচনৰ দিনা ধার্য কৰা হৈছিল যুৱকজনৰ শুভ বিবাহৰ দিন৷বাঙালীপাৰা নিৱাসী দীপা পৌডেলৰ পুত্র গকুলে নিজ বিয়াৰ দিনাখনো পাহৰি নহ’ল গণতন্ত্রক ধৰি ৰখাৰ নিয়মক৷ যুগ্ম জীৱনৰ আৰম্ভণিৰ দিনটোতে তেওঁ নির্বাচনক সাক্ষী কৰি যুগ্ম জীৱনৰ আৰম্ভণি কৰাৰ লগতে এজন সচেতন নাগৰিক হিচাপে জনপ্রতিনিধি নির্বাচনৰ গণতান্ত্রিক পদ্ধতিকো পালন কৰিবলৈ নাপাহৰিলে৷ দৰাৰ সাজত ব্যতিক্রমী ৰূপত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পাই সুখী হোৱা বুলি উল্লেখ কৰি গণতন্ত্রৰ এই উৎসৱত সকলো ভোটাৰ ৰাইজক ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি উপযুক্ত জনপ্রতিনিধি নির্বাচন কৰিবলৈ গকুলে আহ্বান জনায়৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি শোণিতপুৰৰ পাণপুৰ মহকুমাৰ লক্ষণ অধিকাৰীৰ কন্যা পূজা অধিকাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ উদ্দেশ্যে যুৱকজনে বৰযাত্রীৰ সৈতে কইনা গৃহলৈ যাত্রা কৰে৷

You might also like