নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী–কন্যাক ৰডেৰে মৰিয়াই হত্যাঃ ৰাইজৰ প্রহাৰত হত্যাকাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ডুমডুমা আৰক্ষী থানাৰ অন্তর্গত দৈদাম চাহ বাগিচাত পত্নী–কন্যাক হত্যাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ দৈদাম চাহ বাগিচাৰ গুৰগুৰি লাইনৰ ঠাকুৰ মন্দিৰৰ সমীপত বসবাস কৰা দুই সন্তানৰ পিতৃ জিতেন চাওতাল নামৰ ব্যক্তিজনে পত্নী সুষমা চাওতাল আৰু তিনিবছৰীয়া কন্যা সন্তান জোনালী চাওতালক ৰডেৰে মৰিয়াই হত্যা কৰে৷ উল্লেখ্য যে মানসিকভাৱে বিকাৰগ্রস্ত জিতেন চাওতালে আজি পুৱতিনিশা পত্নী আৰু কন্যাক এনেদৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সময়ত হোৱা চিঞৰ–বাখৰ শুনি ওচৰৰ ৰাইজ ওলাই অহাত সেইসকল লোককো আক্রমণ কৰাত দুজনমান লোক কিছু পৰিমাণে আঘাতপ্রাপ্ত হয়৷ পত্নী–কন্যাক হত্যা কৰি প্রতিৱেশীসকলক আক্রমণ কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ হত্যাকাৰী জিতেনক উত্তম–মধ্যম শোধায় আৰু ৰাইজৰ উত্তম–মধ্যমত হত্যাকাৰী জিতেনৰো মৃত্যু হয়৷

আনফালে চাহ বাগিচাখনত এনেদৰে একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ মৃত্যু হোৱাৰ খবৰ ডুমডুমা আৰক্ষীয়ে লাভ কৰাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্রেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে৷ আনহাতে, এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত ঘৰতে থকা জিতেন চাওতালৰ পুত্রই পিতৃৰ ৰুদ্রমূর্তি দেখি ঘৰৰ পৰা পলায়ন কৰাত জীৱন ৰক্ষা পৰে৷ এই ঘটনাৰ পাছত স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলোৱা জিতেনক পৰিয়ালৰ লোকে চিকিৎসকৰ ওচৰলৈ নি চিকিৎসা কৰাই কিছু সুস্থ কৰি তুলিছিল যদিও পাৰিবাৰিক কন্দল আৰু মানসিক বিকাৰগ্রস্ততাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে৷

You might also like