নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰী  কলেজৰ নতুন ভৱনৰ আধাৰশিলা প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ২৬ মে’: বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান খৈৰাবাৰী মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ভৱন এটিৰ আজি আধাৰশিলা স্থাপন কৰা হয় । বি টি চিৰ উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ কৰিবলৈ লোৱা নতুন ভৱনটিৰ এক মাংগলিক পৰিৱেশত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । ভৱনটিৰ আধাৰশিলা স্থাপন কৰি বি টি চিৰ মুখ্য কাৰ্যবাহী তথা ইউ পি পি এলৰ মূৰব্বী প্ৰমোদ বড়োৱে কয় যে তেওঁৰ চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শৈক্ষিক দিশটোৰ উন্নয়নত অধিক গুৰুত্ব দি কাম কৰি আহিছে । ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা দানত গুৰুত্ব আৰোপ কৰি তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা–সম্ভাৱনা আৱিষ্কাৰ কৰাৰ দায়িত্ব বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক সকলেই ল’ব লাগিব । ইপিনে এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ফাষ্টট্ৰেকৰ জৰিয়তে কৰি দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও বি টি চিৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে । গাম্ভীৰ্যপূৰ্ণ আধাৰশিলা অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়ো, বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়ো, পবিত্ৰ বড়ো, মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° দেৱব্ৰত সেন, প্ৰাক্তন অধ্যক্ষ হীৰণ ডেকা নাৰ্জী, অধ্যাপক ড° উত্তম কলিতা, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক বাবুল বসুমতাৰী সমন্বিতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like